নতুন দিল্লীঃ কেন্দ্ৰীয় অনুসন্ধান সংস্থা চি বি আইৰ বিষয়া এম নাগেশ্বৰ ৰাৱক উচ্চতম ন্যায়ালয়ে আদালত অৱমাননাৰ দোষত শাস্তি বিহিছে৷ 

বিহাৰৰ এটা আশ্ৰয় গৃহৰ আৱাসিক শিশুক যৌন নিৰ্যাতনৰ তদন্ত চলোৱা এজন বিষয়াক বদলি কৰাৰ বাবেই এই শাস্তি দিয়া হৈছে৷ 

তদন্তকাৰী বিষয়াজনক বদলি কৰিব নোৱাৰিব বুলি উচ্চতম ন্যায়ালয়ে পূৰ্বে দি থোৱা ৰায় অৱমাননা কৰি বিষয়াজনক নাগেশ্বৰ ৰাৱে বদলিৰ নিৰ্দেশ দিছিল৷ 

মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে কয় যে এয়া অজানিতে হোৱা ভুল নহয়, ইচ্ছাকৃতভাৱে আদালতত অৱমাননা কৰা হৈছে৷ 

এটৰ্নি জেনেৰেলৰ জৰিয়তে উচ্চতম ন্যায়ালয়ে দাখিল কৰা নাগেশ্বৰ ৰাৱৰ ক্ষমা আৰ্জিখন আদালতে নাকচ কৰি তেওঁক ১ লাখ টকাৰ জৰিমনা দিবলৈ নিৰ্দেশ দিয়ে৷ লগতে আদালতৰ কাম-কাজ শেষ নোহোৱা পৰ্যন্ত দিনটোৰ বাবে চি বি আইৰ বিষয়াগৰাকীক কোঠাৰ চুকত বহি থাকিবলৈ নিৰ্দেশ দিয়ে৷

উল্লেখ্য যে, বিষয়াজনক ক্ষমা কৰিবলৈ অনুৰোধ কৰা এটৰ্নি জেনেৰেলক মুখ্য ন্যায়াধীশ গগৈয়ে কয় যে এই অপৰাধৰ বাবে নাগেশ্বৰ ৰাৱক ৩০ দিন পৰ্যন্ত কাৰাগাৰত ভৰাই থ’ব পৰা যায়৷ অৱশ্যে আদালতে ইমান কঠোৰ শাস্তি প্ৰদানৰপৰা বিৰত থাকে৷