নাহৰকটীয়াঃ সপ্তম শ্ৰেণীৰ ছাত্ৰীয়ে নৈত জাপ দিয়া ঘটনাৰ আজিও চাঞ্চল্য অব্যাহত আছে নাহৰকটীয়াত৷ সপ্তম শ্ৰেণীৰ ছাত্ৰীয়ে ছাত্ৰী-ছাত্ৰীৰ সন্মুখত শিক্ষয়িত্ৰীয়ে কৰা অপমাv সহিব নোৱাৰি চৰম সিদ্ধান্ত লয় বুলি অভিযোগ উত্থাপিত হৈছে৷
নাহৰকটীয়াৰ সম্ভ্ৰান্ত শিক্ষানুষ্ঠান ছেইন্ট মেৰীজ স্কুলৰ সপ্তম শ্ৰেণীৰ এগৰাকী ছাত্ৰীয়ে মঙলবাৰে বুঢ়ীদিহিঙত জাপ দি অাত্নহত্যা কৰা ঘটনাই চিন্তিত কৰি তুলিছে সচেতন নাগৰিকক৷ যিটো সময়ত সমনীয়াৰ সৈতে খেল-ধেমালি কৰি সময় অতিবাহিত কৰিব লাগে সেই সময়ত এগৰাকী ছাত্ৰীয়ে আত্মহত্যাৰ কথা ভাবিব লগা হোৱাটো ঘটনাক লৈ নাহৰকটীয়াত সৰৱ চৰ্চা আৰম্ভ হৈছে৷