গুৱাহাটীঃ উত্তৰ-পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যতে যোগাযোগৰ দিশ উন্নত কৰাৰ বাবে বিশেষ গুৰুত্ব আৰোপ কৰাৰ কথা ঘোষণা কৰিছে কেন্দ্ৰীয় ৰেল মন্ত্ৰী সুৰেশ প্ৰভুৱে। আজি দিনৰ ১১ বজাত নাহৰলগুন ৰেলৱে ষ্টেশ্যনত নাহৰলগুন-গুৱাহাটী শতাব্দী এক্সপ্ৰেছখনৰ শুভাৰম্ভ কৰি কেন্দ্ৰীয় ৰেলমন্ত্ৰীগৰাকীয়ে কয় যে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলক ব্ৰডগজেৰে সংযোগ কৰাৰ বাবে এক অভিলাষী প্ৰকল্প কেন্দ্ৰ চৰকাৰে হাতত লৈছে।
ৰাজ্যকেইখনত যোগাযোগৰ দিশটো সবল কৰাৰ বিষয়টোক অগ্ৰাধিকাৰ দিয়া বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দি কয় যে আগন্তুক পাঁচ বছৰৰ ভিতৰতে আটাইকেইখন ৰাজ্যকে ব্ৰডগজেৰে সংযোগ কৰা হ’ব। তদুপৰি এই পাঁচ বছৰৰ ভিতৰতে দেশত ৮.৫ লাখ কিলোমিটাৰ দৈৰ্ঘৰ ব্ৰডগজ স্থাপনৰ পৰিকল্পনাৰ কথাও কয় মন্ত্ৰীগৰাকীয়ে।