চামগুৰিঃ ৰঙালী বিহুলৈ মাজত মাথো এটা দিন। ৰাজ্যৰ জকাইচুকু, সাধাৰণ চহৰৰ পৰা আৰম্ভ কৰি গুৱাহাটী মহানগৰীলৈ এতিয়া বাপতি সাহোন ৰঙালীক আদৰাৰ ব্যাপক প্ৰস্তুতি। বসন্ত ঋতুৰ আগমনৰ লগে লগেই সকলোৰে মনত বিৰিঙিছে ৰং-উৎসাহ, হাঁহি-আনন্দ। বহাগৰ আগমনত ন-ৰূপেৰে উজলি উঠিছে প্ৰকৃতি ৰাণী, কুঁহিপাত।
মন-প্ৰাণ সজীৱ কৰি তুলিবলৈ আকৌ আহিল ৰঙালী বিহু। প্ৰতিজন অসমীয়াৰ অতি চেনেহৰ বাপতিসাহোন এই বিহু সম্প্ৰতি পদাৰ্পণ কৰিছে পদূলিমুখত। সেয়ে ব’হাগী ব’হাগী গোন্ধেৰে আমোল-মোলাই পৰিছে অসমীয়াৰ পদূলি৷ এতিয়া ৰাজ্যৰ চৌদিশে বিহুক লৈ ব্যাপক ব্যস্ততা৷ নগঞা ৰাইজৰো ব্যস্ততাৰ ওৰ পৰা নাই৷