ডিজিটেল ডেস্কঃ এফালে ৰাষ্ট্ৰীয় গণতান্ত্ৰীক মৰ্চাৰ ফালৰপৰা দেশৰ সৰ্বোচ্চ সাংবিধানিক পদৰ বাবে প্ৰক্ষেপিত প্ৰাৰ্থী ৰামনাথ কোবিন্দৰ সহজ বিজয়ৰ কথা স্পষ্ট হৈ পৰাৰ সময়তে আন এক বিজয়ৰ অংক কৰিছে মোদীৰ নেতৃত্বাধীন চৰকাৰখনে।
দেশৰ উপৰাষ্ট্ৰপতি পদৰ বাবে মোদীৰ ইংগিততে প্ৰক্ষেপিত বুলি ওলোৱা খবৰৰ ভিত্তিত প্ৰাৰ্থী কেন্দ্ৰীয় মন্ত্ৰী ভেংকয়া নাইডুৰ লগতে বিৰোধী প্ৰক্ষেপিত প্ৰাৰ্থী গোপাল কৃষ্ণ গান্ধীয়ে আজি নতুন দিল্লীত মনোনয়ন পত্ৰ দাখিল কৰিব। ৫ আগস্তত উপৰাষ্ট্ৰপতি পদৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ’ব।