নতুন দিল্লী/গুৱাহাটীঃ ‘জাতিৰ বাবেহে আমি ইয়ালৈ আহিছো। আমাৰ আন কোনো অভিসন্ধি নাই।’- সংসদ মাৰ্গ আৰক্ষী থানাৰ বিষয়াৰ সমুখত এইদৰে কয় টাই আহোম যুৱ-ছাত্ৰ পৰিষদৰ নেতা লোহিত গগৈয়ে। সোমবাৰে সংসদ ভৱনৰ পৰা ২০ মিটাৰ নিলগত অতৰ্কিতে উলংগ প্ৰতিবাদ সাব্যস্ত কৰাৰ পিছতে প্ৰতিবাদকাৰীসকলক আটক কৰি থানালৈ লৈ যায় সংসদ মাৰ্গ থানাৰ আৰক্ষীয়ে।
দিনৰ প্ৰায় ১১.৩০ বজাত উলংগ প্ৰতিবাদ সাব্যস্ত কৰা ১৪গৰাকী প্ৰতিবাদকাৰীক আটক কৰাৰ পিছতে দলটোক নেতৃত্ব দিয়া লোহিত গগৈ, বেদান্ত লস্কৰ, কৃষ্ণা শৰ্মা আৰু ৰুবুল দাস থানাত উপস্থিত হয়। টাইপাৰ নেতা লোহিত গগৈয়ে জনোৱা মতে সংসদ মাৰ্গ থানাৰ আৰক্ষীয়ে প্ৰতিবাদকাৰীসকলক সন্ধিয়ালৈকে আৱদ্ধ কৰি ৰাখিব বিচাৰিছিল। কিন্তু আৰক্ষী বিষয়াৰ সৈতে আলোচনাত মিলিত হোৱাৰ অন্তত দিনৰ প্ৰায় ২ বজাত আটাইকে মুকলি কৰি দিয়ে।