নলবাৰীঃ নলবাৰীৰ অন্যতম সাংস্কৃতিক অনুষ্ঠান ‘ন-পুৰণি শিল্পী’য়ে দেওবাৰে নলবাৰী জিলাৰ কাজিপাৰাত ‘ৰংগতীৰ্থ: থিয়েটাৰ স্পেছ এণ্ড স্কুল’ নামেৰে এটি সাংস্কৃতিক শিক্ষা কেন্দ্ৰ মুকলি কৰে। ধৰণীধৰ বৰ্মন ক্ষেত্ৰত এই উপলক্ষে অনুষ্ঠিত উদ্বোধনী অনুষ্ঠানত কেন্দ্ৰটো আনুষ্ঠানিকভাৱে মুকলি কৰে বিশিষ্ট নাট্যকৰ্মী পবিন শৰ্মাই।
উদ্বোধনী ভাষণ প্ৰসংগত তেওঁ কয় যে এই কেন্দ্ৰটিত নাট্য শিল্পৰ প্ৰতি আগ্ৰহী ন-শিকাৰুসকলে পদ্ধতিগতভাবে শিক্ষা গ্ৰহণ কৰিব পাৰিব বুলি আশা প্ৰকাশ কৰে। যুৱনেতা দিগন্ত মিশ্ৰই আঁত ধৰা অনুষ্ঠানত নলবাৰী কলেজৰ অৱসৰপ্ৰাপ্ত অধ্যাপক অমৰ নায়ক, সাংবাদিক জিতেন শৰ্মা, নাট্যকাৰ সতীশ দাসেও শুভেচ্ছামূলক ভাষণ দিয়ে।