বৰনদ্দীঃ সম্প্ৰতি পঞ্চায়ত নিৰ্বাচনে আকাশ-বতাহ মুখৰিত কৰিছে। প্ৰতিটো অঞ্চলতে সাম্ভাব্য প্ৰাৰ্থীৰ কুচ-কাৱাজে যেন খদমদম লগাইছে। পিছে পঞ্চায়তীৰাজ ব্যৱস্থাৰ এচাম দালালৰূপী প্ৰতিনিধিৰ কৰ্ম-কাণ্ডত সততে ৰাইজ অতিষ্ঠ হৈ পৰে৷
চৰকাৰৰ বিভিন্ন উন্নয়নমূলক আঁচনি ৰূপায়নত কোটি কোটি টকা আবন্টিত হ’লেও এনে বহু আঁচনিয়ে ঢুকি নাপায় দুখীয়া হিতাধিকাৰীক। কাজেই ঘৰে ঘৰে শৌচালয়, বিশুদ্ধ খোৱা পানী আদি শ্ল’গান এতিয়া অসাৰ প্ৰতিপন্ন হৈছে। নলবাৰী জিলাৰ তেনে এক ১১০ বছৰ গৰকা ভানু ঠাকুৰীয়াৰ পৰিয়াল। বেলশৰ গাঁওৰ ঠাকুৰীয়া পাৰাচুবুৰীৰ দুজনীয়া পৰিয়ালটোক আজিও ঢুকি নাপালে চৰকাৰৰ আঁচনিসমূহে।