নলবাৰীঃ ৰাজ্য খনৰ পৰা অবৈধ নাগৰিকক বিতাৰণৰ দাবীত কেইবাটাও দশক প্ৰতিবাদত উত্তাল হৈ আছে ৰাজ্য৷ জাতীয় দল-সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰি এখন শুদ্ধ নাগৰিকপঞ্জী তৈয়াৰৰ দাবী উত্থাপন হৈ আহিছিল৷ তাৰ মাজতে বহু পলমকৈ অসম চুক্তি অনুসৰি কংগ্ৰেছ চৰকাৰে আৰম্ভ ৰাষ্টীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ কাম৷
নাগৰিকপঞ্জী উন্নীতকৰণৰ কাম চলি আছে যদিও লেহেমীয়া গতিত উন্নীতকৰণৰ কাম চলি আছে বুলি অভিযোগ উত্থাপন হয়৷ দেওবাৰে নলবাৰী জিলা ছাত্ৰ সন্থাই ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী শীঘ্ৰে উন্নীতকৰণৰ দাবীত নলবাৰী জিলা উপায়ুক্তক এখন স্মাৰক পত্ৰ প্ৰদান কৰে। সংগঠনটোৱে নলবাৰী জিলাৰ উন্নয়ণ আয়ুক্ত নাদিৰা জেছমিনৰ জৰিয়তে উপায়ুক্তক স্মাৰক পত্ৰ প্ৰদান কৰে সংগঠনটোৱে।