44
নলবাৰীঃ নলবাৰী জিলাৰ শিশু সংহত কেন্দ্ৰৰ অন্তৰ্গত প্ৰায়বোৰ অংগনাৱাড়ী কেন্দ্ৰত ব্যাপক অনিয়ম-দুৰ্নীতিয়ে গ্ৰাস কৰি পেলাইছে কণ কণ শিশুসকলৰ ভবিষ্যত। বিভাগীয় কৰ্তৃপক্ষৰ চৰম হেমাহিত অনিয়ম দুৰ্নীতিত অংগনাৱাড়ী কৰ্মী-সহায়িকাসকলে চৰম সীমা অতিক্ৰম কৰা পৰিলক্ষিত হৈছে।
অংগনাৱাড়ী কেন্দ্ৰসমূহত নাই কোনো পাঠদান। নাই কণ কণ শিশুসকলৰ মধ্যহ্ন ভোজন আহাৰ। যিখিনি চৰকাৰৰপৰা যোগান ধৰা হয়, সকলো কৰ্মী-সহায়িকাসকলে হজম কৰে বুলি ৰাইজে অভিযোগ কৰে৷