নলবাৰীঃ সমগ্ৰ দেশৰ লগতে ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ মৃত্যু দিৱসৰ লগত সংগতি ৰাখি মঙলবাৰে নলবাৰীতো সন্ত্ৰাসবাদ বিৰোধী দিৱস পালন কৰা হয়।

নলবাৰী চহৰৰ আগশাৰীৰ শিক্ষানুষ্ঠান মাল্টি স্কিল ডেভলৱমেন্ট ফাউণ্ডেচন এণ্ড ট্ৰেনিং একাডেমী চ’ক বজাৰ শাখাৰ উদ্যোগত আৰু নেহেৰু যুৱ কেন্দ্ৰৰ সহযোগত এই কাৰ্যসূচী অনুষ্ঠিত হয়।

নেহেৰু যুৱ কেন্দ্ৰৰ সমন্বয়ক গোপীনাথ দাসে সভাপতিত্ব কৰা অনুষ্ঠানটো আঁত ধৰে মাল্টি স্কিল ডেভলৱমেন্ট ফাউণ্ডেচন এণ্ড ট্ৰেনিং একাডেমীৰ সম্পাদক অভিজিৎ বৰ্মনে।

ছাত্ৰ-ছাত্ৰীসকলক সন্ত্ৰাসবাদ বিৰোধী শ্ল'গানেৰে শপত গ্ৰহণ কৰোৱা হয়। অনুষ্ঠানত মাল্টি স্কিল ডেভলৱমেন্ট ফাউণ্ডেচন এণ্ড ট্ৰেনিং একাডেমীৰ প্ৰশিক্ষক কিশোৰ শৰ্মা, নেহেৰু যুৱ কেন্দ্ৰৰ স্বেচ্ছাসেৱক কৰবী তালুকদাৰো উপস্থিত থাকে।