নলবাৰীঃ নলবাৰীত নিৰ্বাচনক লৈ উখল-মাখল পৰিৱেশ বিৰাজ কৰাৰ সময়তে নলবাৰী ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় চৌহদত বুধবাৰে 'কাঞ্চনমুখী' নামেৰে এটা আৰ্হি ভোটগ্ৰহণ কেন্দ্ৰ স্থাপন কৰা হয়। ৮ নং মংগলদৈ লোকসভা সমষ্টিৰ অন্তৰ্গত ৫৯ নলবাৰী বিধানসভা সমষ্টিৰ নলবাৰী ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় চৌহদত স্থাপন কৰা কেন্দ্ৰটোত কেন্দ্ৰীয় পৰ্যবেক্ষক জে এম পাঠানীয়াই আগন্তুক লোকসভা নিৰ্বাচনত ভোটাৰসকলৰ ভোটদানত সহায়ক হোৱাকৈ এক ডেমনষ্ট্ৰেচন কাৰ্যৰ শুভাৰম্ভ কৰে।
কেন্দ্ৰীয় নিৰ্বাচনী পৰ্যবেক্ষকগৰাকীয়ে প্ৰতীকীভাৱে প্ৰথমটো ভোটদান কৰাৰ পিছতেই দ্বিতীয়টো ভোটদান কৰে নলবাৰী জিলাৰ উপায়ুক্ত ভাৰতভূষণ দেৱচৌধুৰীয়ে। প্ৰতীকী ভোটদান পৰ্বত এগৰাকী বিশেষভাৱে সক্ষম ভোটাৰকো হুইল চেয়াৰত ভোটদানৰ বাবে অনা দেখা যায়।
ইয়াত আহি সাধাৰণ ৰাইজৰ লগতে চেক্টৰ বিষয়া তথা জেনেৰেল বিষয়াসকল বা ভোটগ্ৰহণ কাৰ্যৰ লগত জড়িত অন্যান্য লোকসকলে নিজৰ কিবা আসোৱাহ থাকিলে জানি ল'ব পাৰিব।
আৰ্হি ভোটগ্ৰহণ কেন্দ্ৰৰ উদ্বোধনী অনুষ্ঠানত নলবাৰী সমষ্টিৰ এগৰাকী বুথ পৰ্যায়ৰ বিষয়াই ভোটদানৰ আহ্বান জনাই লিখা গীত এটিও পৰিৱেশন কৰে। এই ডেমনষ্ট্ৰেচন অনুষ্ঠানত পৰ্যবেক্ষক জে এম পাঠানীয়াৰ লগতে জিলা নিৰ্বাচনী বিষয়া ভাৰতভূষণ দেৱচৌধুৰী, জিলা উন্নয়ন আয়ুক্ত বুবুল লেখাৰু, অতিৰিক্ত উপায়ুক্ত(নিৰ্বাচন) গুণজিত ৰায় চৌধুৰী আৰু নলবাৰী ৰাজহ চক্ৰ বিষয়া বনশ্ৰী ডেকাও উপস্থিত থাকে।