53
নলবাৰীঃ নলবাৰীৰ অগ্ৰণী বেচৰকাৰী শিক্ষানুষ্ঠান নবোদয় জাতীয় বিদ্যালয়ৰ একবিংশতিতম প্ৰতিষ্ঠা দিৱস শনিবাৰে দিনজোৰা কাৰ্যসূচীৰে পালন কৰা হয়।
পুৱা পতাকা উত্তোলনেৰে কাৰ্যসূচীৰ আৰম্ভ কৰে বিদ্যালয়ৰ অধ্যক্ষ অমল ডেকাই। ছহিদ তৰ্পণ কৰে উপাধ্যক্ষা গৰিমা দেৱীয়ে। দিনৰ এঘাৰ বজাৰপৰা আৰম্ভ হয় মুকলি সভা।