newsnextone.com |  নলবাৰীঃ মাকৰ কোলাৰ পৰা নামি গৈ তেওঁ চোতালত বোকা পানীৰে খেলিছিল৷ পিতৃ-মাতৃয়ে আলসৰ লাড়ু তেওঁ৷ তেওঁক পঢ়াই শুনাই ডাঙৰ মানুহ কৰাৰ সপোণ দেখে পিতৃ-মাতৃয়ে৷ আন দহগৰাকী কিশোৰৰ দৰে হাঁহি ধেমালি কৰে তেওঁ৷ তেওঁ এতিয়াৰ পৰাই কিতাপ পত্ৰ আগত লৈ পঢ়া আৰম্ভ কৰিছিল৷ নাম তেওঁৰ লিজামণি৷ বয়স তিনি বছৰ৷

দুষ্টামী কৰি খেল-ধেমালিৰে সময় পাৰ কৰা লিজামণি এতিয়া মাকৰ কোঁলাত৷ পখিলা খেদাৰ বয়সতে তেওঁ মাকৰ কোলাত দিন পাৰ কৰিছে৷ কিয়নো তেওঁৰ দেহত থিতাপি লৈছে জটিল ৰোগে৷ নলবাৰী জিলাৰ মুলাৰকুছিৰ এটি দৰিদ্ৰ পৰিয়ালটোৱে ৩ বছৰৰ কন্যাৰ বাবে এতিয়া চকুলো টুকি দিন পাৰ কৰিছে৷

পখিলা খেদা বয়সত জটিল ৰোগত আক্ৰান্ত হৈ বিছনাৰ সংগী হৈ পৰা নলবাৰী জিলাৰ মুলাৰকুছিৰ গাঁৱৰ ঔহাটী চুবুৰীৰ নিবাসী জলিল আলী আৰু আনোৱাৰা বেগমৰ  কন্যা লিজামণি আহমেদ (লাকী) এবছৰ ধৰি ৰোগত আক্ৰান্ত হৈ আছে বুলি জানিব পৰা যায়। 

বৰ্তমান গুৱাহাটী মেডিকেল কলেজ হস্পিতালত চিকিৎসা কৰি থকা লিজাক উন্নত চিকিৎসাৰ বাবে বহিঃৰাজ্যলৈ নিয়াৰ পৰামৰ্শ দিছে চিকিৎসকে। কিন্তু দৰিদ্ৰ পৰিয়ালটোৱে ইমান অৰ্থ খৰছ কৰিব কৰ পৰা। অৰ্থৰ অভাৱত উন্নত চিকিৎসৰ পৰা বঞ্চিত হ'ব লগা হোৱাত লিজাৰ পিতৃ জলিল আৰু মাতৃ আনোৱাৰাই চকুলো টুকি সময় পাৰ কৰিছে।

দিন হাজিৰা কৰি চাৰিজনীয়া পৰিয়াল পৰিয়াল পোহপাল দিয়া জলিল আলীয়ে উন্নত চিকিৎসাৰ বাবে ৰাইজৰ পৰা সহায় বিচাৰে। লিজাক পুনৰ সুস্থ কৰি তুলিবৰ বাবে  আৰ্থিক সহায় কৰিবৰ বাবে আগবাঢ়ি অহাৰ বাবে জলিল আলীয়ে কাতৰ অনুৰোধ যাচে। কোনো লোকে সহায় কৰিব বিচাৰিলে 7670096904 নম্বৰত যোগাযোগ কৰিবলৈ  পিতৃ-মাতৃয়ে কাতৰ অনুৰোধ জনায়।