newsnextone.com | নলবাৰীঃ মাকৰ কোলাৰ পৰা নামি গৈ তেওঁ চোতালত বোকা পানীৰে খেলিছিল৷ পিতৃ-মাতৃয়ে আলসৰ লাড়ু তেওঁ৷ তেওঁক পঢ়াই শুনাই ডাঙৰ মানুহ কৰাৰ সপোণ দেখে পিতৃ-মাতৃয়ে৷ আন দহগৰাকী কিশোৰৰ দৰে হাঁহি ধেমালি কৰে তেওঁ৷ তেওঁ এতিয়াৰ পৰাই কিতাপ পত্ৰ আগত লৈ পঢ়া আৰম্ভ কৰিছিল৷ নাম তেওঁৰ লিজামণি৷ বয়স তিনি বছৰ৷
দুষ্টামী কৰি খেল-ধেমালিৰে সময় পাৰ কৰা লিজামণি এতিয়া মাকৰ কোঁলাত৷ পখিলা খেদাৰ বয়সতে তেওঁ মাকৰ কোলাত দিন পাৰ কৰিছে৷ কিয়নো তেওঁৰ দেহত থিতাপি লৈছে জটিল ৰোগে৷ নলবাৰী জিলাৰ মুলাৰকুছিৰ এটি দৰিদ্ৰ পৰিয়ালটোৱে ৩ বছৰৰ কন্যাৰ বাবে এতিয়া চকুলো টুকি দিন পাৰ কৰিছে৷