নলবাৰীঃ জম্মু আৰু কাশ্মীৰত যোৱা ১৪ ফেব্ৰুৱাৰীত পাকিস্তান সমৰ্থিত উগ্ৰপন্থীৰ দ্বাৰা ভাৰতীয় চি আৰ পি এফৰ ৪৪ গৰাকীকৈ জোৱানক হত্যা কৰাৰ প্ৰতিবাদত নলবাৰী জিলাৰ তিলানা হৰি মন্দিৰ প্ৰাংগণত মঙলবাৰে সন্ধিয়া ৬ বজাত এক প্ৰতিবাদী কাৰ্যসুচী শ্ৰদ্ধাঞ্জলী অনুষ্ঠানৰ আয়োজন কৰে৷
ভাৰতীয় জনতা যুৱ মৰ্চা পূব নলবাৰী মণ্ডলৰ উদ্যোগত কাশ্মীৰৰ পুলুৱামাত সংঘটিত হোৱা ঘটনাত বীৰ শ্বহীদ জোৱান সকলক শ্ৰদ্ধাঞ্জলি জনায়৷ ভৱেশ কলিতাই আত ধৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটোত সন্ধিয়া তিলানা হৰি মন্দিৰ বাকৰিত অনুষ্ঠিত হয়৷