নলবাৰীঃ জম্মু আৰু কাশ্মীৰত যোৱা ১৪ ফেব্ৰুৱাৰীত পাকিস্তান সমৰ্থিত উগ্ৰপন্থীৰ দ্বাৰা ভাৰতীয় চি আৰ পি এফৰ ৪৪ গৰাকীকৈ জোৱানক হত্যা কৰাৰ প্ৰতিবাদত নলবাৰী জিলাৰ তিলানা হৰি মন্দিৰ প্ৰাংগণত মঙলবাৰে সন্ধিয়া ৬ বজাত এক প্ৰতিবাদী কাৰ্যসুচী শ্ৰদ্ধাঞ্জলী অনুষ্ঠানৰ আয়োজন কৰে৷

ভাৰতীয় জনতা যুৱ মৰ্চা পূব নলবাৰী মণ্ডলৰ উদ্যোগত কাশ্মীৰৰ পুলুৱামাত সংঘটিত হোৱা ঘটনাত বীৰ শ্বহীদ জোৱান সকলক শ্ৰদ্ধাঞ্জলি জনায়৷ ভৱেশ কলিতাই আত ধৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটোত সন্ধিয়া তিলানা হৰি মন্দিৰ বাকৰিত অনুষ্ঠিত হয়৷ 

উক্ত অনুষ্ঠানত ভাৰতীয় জনতা যুৱ মৰ্চা পূব নলবাৰী মণ্ডলৰ সহ-সম্পাদক অঞ্জন শৰ্মাই বন্তি প্ৰজ্বলন কৰি কয় যে ভাৰতীয় জনতা যুৱ মৰ্চা পূব নলবাৰী মণ্ডলে পবিত্ৰ তিলানা হৰি মন্দিৰ বাকৰিৰপৰা পাকিস্তানক সকীয়াই দিয়ে আৰু অনাগত দিনত উচিত প্ৰত্যুত্তৰ বাবে সাজু থাকক বুলি কয়।  

তাৰ পিছতে পাকিস্তানৰ পতাকা জ্বলাই দি অনুষ্ঠানৰ পৰা আহত সৈনিক সকলক সহায় কৰা উদ্দ্যেশ্য আগত ৰাখি দান বৰঙনি আগবঢ়োৱা হয়। 

উক্ত কাৰ্যসূচী উপস্থিত থাকি ভাৰতীয় জনতা যুৱ মৰ্চা পূব নলবাৰী মণ্ডলৰ উপ-সভাপতি মুকুট চক্ৰৱৰ্তী, সম্পাদক অৰূপ কলিতা, হীৰক জ্যোতি দাস, নিহাৰ ভৰালী, বনজিৎ কলিতা আদিয়ে পাক প্ৰধানমন্ত্ৰী আৰু পাকিস্তান সমৰ্থিত উগ্ৰপন্থীৰ ভাৰত বিৰোধী স্থিতি আৰু সেনাবাহিনীৰ ওপৰত কৰা আত্ৰুমণত প্ৰতিবাদ কৰি ভাৰত চৰকাৰে পাকিস্তান চৰকাৰৰ ওপৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায়৷

ইয়াৰ পূৰ্বে বীৰ শ্বহীদ সকলৰ আত্মাৰ চিৰ শান্তি আৰু আহত সকলৰ আশু আৰোগ্য কামনা কৰি বন্তি প্ৰজ্বলন কৰা হয়৷ বন্তি প্ৰজ্বলনৰ অনুষ্ঠানত বৃহত্তৰ চামতা অঞ্চলৰ সকলো শ্ৰেণীৰ লোকে অংশ লয়৷ প্ৰতিবাদী সভাৰ অন্তত পাক প্ৰধান মন্ত্ৰী, পাকিস্তান মুৰ্দাবাদ ধ্বনি দিয়ে উপস্থিত ৰাইজে৷