হেমন্ত কলিতা, নলবাৰীঃ নলবাৰী জিলাৰ পূৱ বাহঁজানীৰ অন্তৰ্গত জাপিৰ শিল্প গাঁও তিলানাৰ নিবাসী কুটীৰ শিল্পী প্ৰসন্ন কলিতাৰ পুত্ৰ তথা সৰবৰাহী যুৱক মহেশ কলিতাৰ দেওবাৰে জি এম চি এডচত দেহাৱসান ঘটে৷ 

দীৰ্ঘ দিন ধৰি যকৃতজনীত ৰোগত ভুগি থকা যুৱকজনক নলবাৰী, গুৱাহাটী আদিত চিকিৎসা প্ৰদান কৰাৰ পাছত বিগত কেইদিনমান ঘৰতে ৰাখি চিকিৎসা কৰি থকাৰ মাজতে হঠাৎ স্বাস্থ্যৰ অৱনতি হোৱাত পুনৰ গুৱাহাটীলৈ নিয়া হৈছিল যদিও দেওবাৰে ৰাতিপুৱা ৮ বজাত মৃত্যু হয়৷

মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৩৮ বছৰ৷  ইতিমধ্যেই জি এম চি এইডচৰ চিকিৎসাৰ গাফিলটি বাবে মৃত্যু হোৱা বুলি পৰিয়ালৰ লোকে গুৰুতৰ অভিযোগ তোলে৷ পৰিয়ালৰ লোকে দিয়া অভিযোগ মতে গুৱাহাটী মেডিকেল কলেজখনত চিকিৎসাৰ ক্ষেত্ৰত বিশেষ একো গুৰুত্ব প্ৰদান নকৰিলে যাৰ বাবে কলিতাৰ হঠাৎ মৃত্যুক সাবতি ল’লে৷

ইফালে, স্থানীয় বিভিন্ন সামাজিক, ধৰ্মীয় আৰু সাংস্কৃতিক অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগত ওতঃপোতভাৱে জড়িত থকা সৰবৰাহী যুৱক কলিতা সমাজপ্ৰিয়  হিচাপে ৰাইজৰ মাজত পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছিল৷ বিগত সময়ত জাপিৰ কৰ্মৰ মাজেৰে জীৱন নিৰ্বাহ কৰি পিছত তেওঁ কিছুবছৰ ধৰি নলবাৰী সদৰ থানাৰ অন্তৰ্গত হোমগাৰ্ড হিচাবে আত্মনিয়োগ কৰি নিজৰ পৰিয়াল পোহপাল দি অহা সদা হাস্যময়ী সকলোৰে লগত মিলিব পৰা যুৱকজনৰ অকাল বিয়োগত নলবাৰী সদৰ থানাৰ লগতে তিলানা জন্ম গাঁওখনত গভীৰ শোকৰ ছাঁ বিয়পি পৰিছে৷ 

তেওঁৰ মৃত্যুত বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান আৰু ব্যক্তি বিশেষে শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জনাইছে৷ মৃত্যুৰ সময়ত তেওঁৰ পত্নী আৰু দুই পুত্ৰ সন্তানৰ লগতে পিতৃ-মাতৃ, এজন ভাতৃসহ বহু আত্মীয়-স্বজন ইহসংসাৰত এৰি থৈ যায়৷ কলিতাৰ মৃত্যুত তিলানা গাঁও উন্নয়ন সমিতিৰ সভাপতি জীতেন কলিতা, সম্পাদকদ্বয় মোহন কলিতা (ব্ৰজেন) আৰু মিন্টু তামুলী, স্থানীয়  বিজেপি নেতা সৰ্বেশ্বৰ কলিতা, নিহাৰ ভৰালী, বিজয় তামুলী, ভবেশ কলিতা, ৭ নং পূৱ বাঁহজানী গাওঁ পঞ্চায়তৰ প্ৰাক্তন সভাপতি নলিনীকান্ত শীল, মুগকুছি বনিক সন্থা, তিলানা যুৱক সংঘৰ সভাপতি ধৰনীধৰ তামুলী, সম্পাদক অৱনী কলিতা, তিলানা মধ্য ইংৰাজী বিদ্যালয় পৰিচালনা সমিতি, তিলানা জাপি শিল্পী সমাজ, তিলানা প্ৰাথমিক বিদ্যালয অৰু তিলানা মধ্য ইংৰাজী বিদ্যালয়়ৰ শিক্ষক, ছাত্ৰ-ছাত্ৰীৰ লগতে বিশিষ্ট ব্যক্তি আৰু দল-সংগঠনে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।