60
হেমন্ত কলিতা, নলবাৰীঃ নলবাৰী জিলাৰ পূৱ বাহঁজানীৰ অন্তৰ্গত জাপিৰ শিল্প গাঁও তিলানাৰ নিবাসী কুটীৰ শিল্পী প্ৰসন্ন কলিতাৰ পুত্ৰ তথা সৰবৰাহী যুৱক মহেশ কলিতাৰ দেওবাৰে জি এম চি এডচত দেহাৱসান ঘটে৷
দীৰ্ঘ দিন ধৰি যকৃতজনীত ৰোগত ভুগি থকা যুৱকজনক নলবাৰী, গুৱাহাটী আদিত চিকিৎসা প্ৰদান কৰাৰ পাছত বিগত কেইদিনমান ঘৰতে ৰাখি চিকিৎসা কৰি থকাৰ মাজতে হঠাৎ স্বাস্থ্যৰ অৱনতি হোৱাত পুনৰ গুৱাহাটীলৈ নিয়া হৈছিল যদিও দেওবাৰে ৰাতিপুৱা ৮ বজাত মৃত্যু হয়৷