নলবাৰীঃ সমগ্ৰ দেশত বিজেপিয়ে সোমবাৰে প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ ৯৩ সংখ্যক জন্মদিন পালন কৰে। প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ জন্মদিনটো সু-শাসন দিৱস পালন হিচাপে পালন কৰে নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ত। স্থানীয় বিধায়ক অশোক শৰ্মাৰ উদ্যোগত অাৰু নলবাৰী জিলা বিজেপিৰ সহযোগত এক ব্যতিক্ৰমী কাৰ্যসূচী ৰূপায়ন কৰা হয়৷
চিকিৎসালয়ৰ ৰোগী সকলৰ মাজত ফল-মূল বিতৰন কৰা হয়। অনুষ্ঠানত শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ৰ অধীক্ষক ডাঃ ধনৎজয় কলিতা,ডাঃ ৰাতুল ভট্ট, নলবাৰী জিলা বিজেপিৰ সভাপতি বনদ্বীপ ডেকা, জিলা কোষাধক্ষ ধ্ৰুৱজ্যোতি দও(ৰুবু), বিজেপিৰ জ্যেষ্ঠ নেতা ৰজনী বৰ্মন উপস্থিত থাকে।