নলবাৰীঃ নলবাৰী জিলাৰ বৰবৰী থান উন্নয়ন সমিতিৰ উদ্যোগত আৰু শতবাৰ্ষিকী উদযাপন সমিতিৰ সৌজন্যত বৰবৰী শিৱ-দুৰ্গা মন্দিৰত সমাগত ৯ এপ্ৰিলৰপৰা ১৫ এপ্ৰিল তাৰিখলৈকে সাতদিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে শতবৰ্ষ গৰকা শ্ৰীশ্ৰী বাসন্তী পূজাৰ শতবাৰ্ষিকী সমাৰোহৰ আয়োজন কৰা হৈছে৷
সেই অনুসৰি ৯ এপ্ৰিলৰ পুৱা ৭:৩০ বজাত বৰবৰী থান উন্নয়ন সমিতিৰ সভাপতি মনোৰঞ্জন চক্ৰৱৰ্তীয়ে উন্নয়ন সমিতিৰ পতাকা উত্তোলন কৰি কাৰ্যসূচীৰ শুভাৰম্ভ কৰিব৷ পুৱা ৮ বজাত শ্ৰীশ্ৰী বাসন্তী পূজাৰ শতবাৰ্ষিকী সমাৰোহৰ ১০০ খন পতাকা উত্তোলন কৰাৰ হ’ব৷ পুৱা ১০ বজাত শ্বহীদ তৰ্পণ আৰু মাল্যাৰ্পণ অনুষ্ঠান৷ ১০:৩০ বজাত স্মৃতি তৰ্পণ অনুষ্ঠান৷ দিনৰ ১২ বজাত শ্ৰীশ্ৰী বাসন্তী পূজাৰ শতবাৰ্ষিকী সমাৰোহৰ উদ্ধোধন কৰিব বিটিচিৰ মুখ্য কাৰ্যবাহী হাগ্ৰামা মহিলাৰীয়ে৷