নলবাৰীঃ নলবাৰী জিলাৰ পশ্চিম দিশৰ বেলশৰৰ ঐতিহাসিক শ্ৰীশ্ৰী বিল্বেশ্বৰ দেৱালয়ত এইবাৰো সমাগত ১১ এপ্ৰিলৰপৰা ১৪ এপ্ৰিললৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে শ্ৰীশ্ৰী বাসন্তী পূজাৰ আয়োজন কৰা হৈছে। 

ইতিমধ্যে লক্ষী পাটোৱাৰী সভাপতি, উমেশ বৰ্মন কাৰ্যকৰী সভাপতি, গিৰিশ বৰ্মন উপ সভাপতি, মৃদুল পাটোৱাৰী সম্পাদক আৰু প্ৰণৱ বৰ্মন সহ: সম্পাদকৰ লগতে দেৱালয়ৰ দলৈ ৰঞ্জিত মিশ্ৰই সংবাদ মাধ্যমক জনোৱা মতে, ১১ এপ্ৰিলৰ সন্ধিয়া ৬-৩০ বজাত প্ৰবীণ শিল্পী ভোগী বৰ্মনে বন্তি প্ৰজ্বলন কৰাৰ পিছতে ৭ বজাত বিল্ববোধন, দেৱীৰ আমন্ত্ৰণ আৰু অধিবাস সম্পন্ন হ'ব। 

তাৰ পিছতে ক্ৰমে ওজাপালি আৰু সংকীৰ্তন পৰিৱেশন কৰা হ'ব। ১২ এপ্ৰিলৰ ৰাতিপুৱা ৭ বজাত সপ্তমী বিহিত পূজা আৰম্ভ হোৱাৰ পিছত উৎপল বৰ্মনৰ দলৰ দ্বাৰা ওজাপালি পৰিৱেশন, বলিদান, সন্ধিয়া ৭ বজাত ককয়াৰ বিদিশা হালৈৰ দলৰ দ্বাৰা দিহানাম প্ৰদৰ্শন, নিশা ১১-৩০ বজাত অৰ্ধৰাত্ৰি পূজা, বলিদান সম্পন্ন হ'ব। 

১৩ এপ্ৰিলৰ পুৱা ৬ বজাত মহা অষ্টমী পূজা আৰম্ভ হ'ব। ইয়াৰ পিছতে ক্ৰমে ওজাপালি পৰিৱেশন, সন্ধি পূজা আৰম্ভ, বলিদান, দিনৰ ১১ বজাত আয়তীৰ নাম প্ৰতিযোগিতা, সন্ধিয়া ৬ বজাত আৰতি প্ৰদান আদি কাৰ্যসূচী সম্পন্ন কৰা হ'ব। 

১৪ এপ্ৰিলৰ পুৱা ৫ বজাত আৰম্ভ হ'ব মহা নৱমী বিহিত পূজা। সিদিনাই ৰাতিপুৱা ওজাপালি পৰিৱেশন, বলিদান, পূৰ্ণাহুতি, শান্তি প্ৰদান, দিনৰ ১১ বজাত দেৱীৰ দশমী বিহিত পূজা, বিসৰ্জন আদি কাৰ্যসূচীৰ অন্তত সন্ধিয়া ৫ বজাত ককয়াৰ কমলেশ্বৰ নাথৰ দলৰ দ্বাৰা নাগাৰা নাম প্ৰদৰ্শন কৰা হ'ব।