নলবাৰীঃ মঙলদৈ লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী দিলিপ শইকীয়াক যোৱা ২৩ মাৰ্চত নলবাৰী সমষ্টি বিধায়ক অশোক শৰ্মা আৰু জিলা বিজেপিৰ সভাপতি বনদ্বীপ ডেকাৰ নেতৃত্বত সহস্ৰাধিক ৰাইজে আদৰণি জনোৱাৰ পিছত যোৱা কালি ২৬ মাৰ্চৰ দিনা নলবাৰীত লোকসভা সমষ্টিটোৰ কংগ্ৰেছ প্ৰাৰ্থী ভুৱনেশ্বৰ কলিতাকো আদৰণি জনোৱা হয়৷ 

তদুপলক্ষে সন্ধিয়া নলবাৰী চহৰৰ নন্দেশ্বৰ শইকীয়া ভৱনত এখন সংবাদ মেল আয়োজন কৰা হয়। জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক দিব্য জ্যোতি হালৈ আঁত ধৰা সংবাদ মেলত মঙলদৈ লোকসভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী ভুৱনেশ্বৰ কলিতা, কংগ্ৰেছ নেতা প্ৰদ্যুত কুমাৰ ভূঞা, শৰৎ কলিতা, পাপৰি মালাকৰ, মজিব আলী, উদ্দিপন পাটোৱাৰীসহ বহু সংখ্যক দলীয় কৰ্মী উপস্থিত থাকে। 

সংবাদ মেল সম্বোধন কৰি নানা প্ৰতিশ্ৰুতিৰ বন্যা বোৱাই দলটোৰ প্ৰাৰ্থী ভুৱনেশ্বৰ কলিতাই কয় যে মঙলদৈ সমষ্টি এইবাৰ পুনৰ কংগ্ৰেছ দলে দখল কৰিব। দুটাকৈ কাৰ্যকালত সাংসদ ৰমেন ডেকাই সমষ্টি উন্নয়নত ব্যৰ্থ হৈছে। কংগ্ৰেছ দল শাসনলৈ আহিলে নলবাৰীক ‘এডুকেচন’ হাৰ হিচাপে গঢ়ি তোলা হ’ব বুলি আশ্বাস দিয়ে। 

ইফালে, আমাৰ পৰিয়াল বিজেপিৰ পৰিয়াল শ্ল’গান দিয়া গেৰুৱা দলটো পুনৰ শাসনলৈ আহিলে অসম উত্তৰ-পূৰ্বাঞ্চলত নানা সমস্যাই দেখা দিব। নিবনুৱা সমস্যাই অসমত ভয়াৱহ ৰূপ লৈছে যদিও বিজেপিয়ে প্ৰতাৰণাহে কৰিছে অসমক। এন এছ তেওঁ প্ৰতিবেদন মতেই ৭২,০০০ হাজাৰ পদ বিলুপ্ত কৰিছে বিজেপি চৰকাৰে। 

জনজাতিকৰণৰ নামত ভেকোঁভাওনা। তেওঁ সাংসদ হৈ থকাতেই হাজো-মুকালমুৱা হৈ ৰে’লপথ নিৰ্মাণৰ আৰু গুৱাহাটীৰপৰা মুকালমুৱাৰ মাজেৰে ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ আঁচনি হাতত লৈ জৰিপ চলোৱা হৈছিল যদিও বিজেপি চৰকাৰে বন্ধ কৰি ৰাখিছে বুলি অভিযোগ কৰে। লগতে নেতাগৰাকীয়ে অভিযোগ কৰি কয় দেশত শান্তি সম্প্ৰীতি বজাই ৰাখিবলৈ সাম্প্ৰদায়িক বিজেপি দলক লোকসভা নিৰ্বাচনত উৎখাত কৰাৰ আহ্বান জনায়।