61
নলবাৰীঃ ওড়িষাৰ ভুৱনেশ্বৰত অহা ২৭ ডিচেম্বৰৰপৰা অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহৰ ৰাষ্ট্ৰীয় পৰ্যায়লৈ নিৰ্বাচিত নলবাৰীৰ দুই শিশু বিজ্ঞানী কংকনা দাস আৰু দেইজিমনী দাসক আজি সম্বৰ্ধনা জনোৱা হয়।
নলবাৰী জিলাৰ প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ত অনুষ্ঠিত এখনি সভাত দুয়োগৰাকী শিশু বিজ্ঞানীকে আৰ্থিক সাহায্য আগবঢ়াই নলবাৰী জিলা আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ, জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ লগতে কেইবাজনো বিশিষ্ট লোকে।