77
newsnextone.com | নলবাৰীঃ নামনি অসমৰ অন্যতম বাণিজ্যিক চহৰ নলবাৰী চহৰৰ বাট-পথৰ কদৰ্য ৰূপে চৰকাৰৰ চহৰ উন্নয়নৰ শ্ল’গানক একপ্ৰকাৰ ভেঙুচালি কৰা বুলি অভিযোগ উত্থাপন হৈছে।
নেতাৰে ভৰি থকা নলবাৰী জিলাৰ সদৰ চহৰখনৰ এনে অৱস্থাৰ বাবে ক্ষোভিত হৈ পৰিছে সচেতন নাগৰিক। বিভিন্ন ৰাজনৈতিক দলৰ লগতে শাসকীয় বিজেপি দলৰ কেইবাগৰাকী বিধায়ক আৰু মন্ত্ৰী থকাৰ পিছতোঁ সদৰ চহৰ খনৰ উন্নয়ন নোহোৱাত স্বাভাৱিকতে প্ৰশ্ন উত্থাপন হৈছে।