নলবাৰীঃ কংগ্ৰেছৰ নলবাৰী জিলা সমিতিয়ে নলবাৰী চহৰত বিমুদ্ৰাকৰণৰ বিৰুদ্ধে বুধবাৰে বিশাল প্ৰতিবাদী সমদল উলিয়াই বিজেপি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰীসকলে নৰেন্দ্ৰ মোডীৰ হায় হায়, কেন্দ্ৰ-ৰাজ্যৰ বিজেপি চৰকাৰ হায় হায়, বিমুদ্ৰাকৰণে দেশৰ জনসাধাৰণক মাধমাৰ সোধালে, পুঁজিপতিৰ পুতলা বিজেপি চৰকাৰ মুৰ্দাবাদ, জনবিৰোধী বিজেপি চৰকাৰ হায় হায় আদি শ্ল’গানেৰে চহৰ খন উত্তাল কৰি তোলে।
প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰদ্যুত ভূঞা, নলবাৰী জিলা কংগ্ৰেছৰ সভাপতি দিগন্ত বৰ্মন, মুখপাত্ৰ দিব্যজ্যোতি হালৈ, কংগ্ৰেছ নেতা বসন্ত দাস, জিলা মহিলা কংগ্ৰেছ সভানেত্ৰী পাপৰি মালাকৰ, যুৱ-কংগ্ৰেছৰ সভাপতি মজিবুৰ ৰহমান, আদিৰ নেতৃত্বত প্ৰতিবাদী সমদল উলিওৱা হয়। কাৰ্যসূচীত যুৱ নেতা মজিব আলী, উদ্দীপন পাটোৱাৰী, বিৰাজ দাস সহ কেইবাশতাধিক কংগ্ৰেছ কৰ্মী উপস্থিত থাকে। প্ৰতিবাদত আৰক্ষীয়ে বাধা প্ৰদান কৰাত আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত টনা-আজৰা লাগে।