নলবাৰীঃ নলবাৰী জিলাৰ একমাত্ৰ উন্নত চিকিৎসালয় শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়খনিত চৰকাৰী স্বাস্থ্য সেৱাৰ লগতে বিভিন্ন কামত যোৱা ৰাইজক এচাম কৰ্মচাৰীয়ে বাঘ-ভালুক দেখাই হাৰাশাস্তি কৰাৰ অভিযোগ দীৰ্ঘদিনৰ।

জানিব পৰা মতে, জিলাখনৰ বাহঁজানীৰ জানিগোগ গাঁৱৰ এগৰাকী সংবাদ কৰ্মী তথা ব্যক্তিয়ে এগৰাকী মহিলাৰ শ্বহীদ কুশল কোঁৱৰ সাৰ্বজনীন বৃদ্ধ পেঞ্চন আঁচনিত অন্তৰ্ভুক্ত হোৱাৰ বাবে চিকিৎসকৰপৰা বয়সৰ প্ৰমাণ-পত্ৰ প্ৰয়োজন হৈছে।

৪ মে’ শনিবাৰে শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ক গৈছিল। সংবাদকৰ্মী প্ৰাঞ্জল শৰ্মাই নিজে ভুক্তভোগী হয়৷ তেওঁ অভিযোগ কৰি কয় যে কেইবাজনো তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীৰপৰা জানিব বিচাৰে কোন চিকিৎসকে বৃদ্ধ পেঞ্চনৰ বাবে বয়সৰ প্ৰমাণ পত্ৰ দিয়ে। 

কেইবাজনেও বিভিন্ন আঙবাঙ কথা কৈ প্ৰকৃত বিষয়টো উপস্থাপন নকৰি ব্যক্তি গৰাকীক সহজে নহ’ব বুলিহে কয়। সংবাদকৰ্মীজনৰ অভিযোগ অনুসৰি ইয়াৰ মাজতে এগৰাকী এনআৰএইচএমৰ কৰ্মচাৰীয়ে ব্যক্তিগৰাকীৰ হাতত থকা কাগজ অৰ্থাৎ বৃদ্ধ পেঞ্চনৰ বাবে দৰকাৰী কাগজ-পত্ৰত চকু ফুৰাই কয় যে দুশ টকা দিলে তেওঁ প্ৰমাণ-পত্ৰখন আনি দিম।

কিন্তু ব্যক্তিগৰাকীৰ সমনীয়া হোৱা বাবে প্ৰথমে কৰ্মচাৰীগৰাকী টামচাতে কোৱা বুলি ভাবিছিল যদিও পুনৰ ক’লে যে দুশ টকা নিদিলে চিকিৎসকে বৃদ্ধ পেঞ্চনৰ প্ৰমাণ-পত্ৰ নিদিব। পাছত ব্যক্তিগৰাকী ক’লে চৰকাৰী চিকিৎসালয়ত ধন কিয় দিব লাগে, সেই সন্দৰ্ভত দীঘলীয়া ব্যাখ্যা আগবঢ়ায়।

এনআৰএইচএমৰ কৰ্মচাৰীগৰাকীয়ে কৈছে আজিকালি এনে প্ৰমাণ-পত্ৰ দিয়া নহয়। ইয়াকে লৈ বৃহত্তৰ বাহঁজানীত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। চিকিৎসকৰ নামত ধূৰ্ত কৰ্মচাৰীসকলে ৰোগী বা ৰাইজক এনে বেইমানি কৰে যদিও চিকিৎসকসকল অৱগত নহয়। এয়া হৈছে চৰকাৰী চিকিৎসালয়খনিৰ এচাম কৰ্মচাৰীৰ ধনলোভি ধূৰ্তালি।

আচলতে চিকিৎসালয়খনৰ এচাম কৰ্মচাৰীৰ ঘোচখোৰ মানসিকতাৰ বাবে চৰকাৰ, বিভাগীয় মন্ত্ৰী, বিধায়ক, উপায়ুক্ত, জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক, চিকিৎসালয়ৰ অধীক্ষক, চিকিৎসকসকলৰ লগতে বাকী কৰ্মচাৰী সকলৰো বদনাম হয়। বাহঁজানীৰ সচেতন ৰাইজে নলবাৰী জিলা প্ৰশাসন আৰু  চিকিৎসালয়খনৰ অধীক্ষগৰাকীক এনে দুৰ্নীতিত নজৰ দিবলৈ আহ্বান জনাইছে।