নলবাৰীঃ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নলবাৰী জিলা সমিতিৰ উদ্যোগত আয়োজিত ভবেন বৰুৱা শিশু নাট প্ৰতিযোগিতা খন সোমবাৰে সামৰণি পৰে। প্ৰতিযোগিতা খনৰ সামৰণিৰ পাছত সোমবাৰেই প্ৰতিযোগিতাৰ ফলাফলসমূহ প্ৰদান কৰা হয়৷
নাট পৰিচালনা সমিতিৰ সভাপতি জয়ন্ত হাজৰিকা, যুৱ ছাত্ৰ পৰিষদৰ জিলা উপদেষ্টা ব্ৰজেন চৌধুৰী, সভাপতি মৃণাল কুমাৰ বৰ্মন, সাধাৰণ সম্পাদক গৌতম কুমাৰ শৰ্মা আদি সংগঠনৰ বিষয়ববীয়া লকৰে আঁত ধৰা তথা জনপ্ৰিয় কবি প্ৰণৱ কুমাৰ বৰ্মন সহ কেইবাজনো বিশিষ্ট ব্যক্তিৰ উপস্থিতিত পুৰস্কাৰসমূহ প্ৰদান কৰা হয়৷