ডিজিটেল ডেস্ক |নলবাৰীঃ নলবাৰী জিলাৰ বাহঁজানীৰ চান্দকুছিৰ ঘিল্লা চ’কত ১৫ অক্টোবৰৰ পৰা ১৯ অক্টোবৰলৈকে বিভিন্ন বৰ্ণাঢ্য কাৰ্যসূচীৰে দুৰ্গা পূজাৰ যো জা চলিছে৷ সেই অনুসৰি ১৫ অক্টোবৰ সোমবাৰে পুৱা পৰিৱেশ নিষ্কাষণ, ধৰ্মধ্বজা উত্তোলন , দেৱীৰ বোধন, আমন্ত্ৰণ ও অধিবাস, সন্ধিয়া বন্তি প্ৰজ্বলন, নিশা শ্ৰী শ্ৰী দুৰ্গোৎসৱ উদ্ধোধন৷ 

১৬ অক্টোবৰ মঙ্গলবাৰে পুৱা ৯ বজাত সপ্তমী বিহিত পূজা আৰম্ভ, ১০ বজাত আয়তীৰ নাম পৰিবেশন, আবেলি ওজাপালি পৰিবেশন, সন্ধিয়া ৮ বজাত  আৰতি প্ৰদান, নিশা পাঠিকা বৰ্ণালী দাসৰ নাগাৰা নাম পৰিবেশন৷ 

১৭ অক্টোবৰ বুধবাৰে পুৱা ৮:৩০ বজাত মহাষ্টমী বিহিত পূজাৰম্ভ, ১১:৩০ আয়তীৰ নাম, দুপৰীয়া ১২:০৩ বজাত সন্ধি পূজা, আবেলি ওজাপালি, সন্ধিয়া ৬ বজাত আৰতি প্ৰদান, ৭ বজাত মহাষ্টমীম্যাদী পূজা কল্পৰম্ভ, নিশা ছিপাঝাৰৰ পাঠক সুভাষ নাথে নাগাৰা নাম পৰিবেশন কৰিব৷ 

১৮ অক্টোবৰ বৃহস্পতিবাৰে পুৱা ৯ বজাত নৱমী বিহিত পূজা, দুপৰীয়া হোম,  ৰাজহুৱা শান্তি, পুষ্পাঞ্জলি, ভোগ বিতৰণ৷নিশা ৮ বজাত আৰতি প্ৰদান কৰাৰ পাছত বাইহাটা চাৰিআলিৰ পাঠক পুলক বৈশ্যই নাগাৰা নাম পৰিবেশন কৰিব৷

১৯ অক্টোবৰ শুক্ৰবাৰে পুৱা ৭:৩০ বজাত দশমী পূজা আৰম্ভ৷১১ বজাত অপৰাজিতা পূজা দশমী বিহিত পূজা সমাপন বলয় বন্ধন ,আবেলি ৪ বজাত প্ৰতিমা বিসৰ্জন আৰু নিশা ৮ বজাত সংকীৰ্তন পৰিবেশন৷ আনহাতে নলবাৰীৰ হৰিমন্দিৰ প্ৰাঙ্গণত, কলেজ চ’কত, বেলশৰ, নদ্দী, গোপাল বজাৰ, কলেজ চক, অময়াপুৰ, বগলচ ৰোড চ’ক আদি বিভিন্ন ঠাইত শাৰদীয় শ্ৰী শ্ৰী দুৰ্গা পূজাৰ বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰিছে উদ্যোক্তা সকলে৷