হেমন্ত কলিতা, নলবাৰীঃ ”আস্থা, ভাতৃত্ব, বন্ধুত্ব আদি শব্দবোৰ আমাৰ সমাজৰপৰা যেন হেৰাই যাব ধৰিছে৷ আমি জ্ঞানৰদ্বাৰা পৰিচালিত হ’ব লাগে কিন্তু পৰিচালিত হৈছো টকা-পইচাৰ জৰিয়তে৷ মেধাৱী শিক্ষাৰ্থীসকল সমাজৰ প্ৰতি দায়বদ্ধ হোৱা উচিত৷ বৰ্তমান আমাৰ সমাজত ইমান উচ্চশিক্ষিত লোক আছে কিন্তু আমি সমাজখনৰ অৱক্ষয় ৰোধ কৰাত যেন ব্যৰ্থ হৈছোঁ৷’’ এই মন্তব্য কামৰূপ মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক আব্দুৰ ৰৌফৰ৷
বৃহস্পতিবাৰে নলবাৰী জিলাৰ বাহঁজানীৰ এলেংগীদল-মুগকুছি মছজিদ কমিটীৰ সৌজন্যত অঞ্চলটোৰপৰা সদ্যঘোষিত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত কৃতিত্বৰে উত্তীৰ্ণ শিক্ষাৰ্থীসকলক অভিনন্দনৰ উদ্দেশ্যে আয়োজিত সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি অধ্যাপক ৰৌফে কয়, ”আমি আমাৰ মেধা আৰু প্ৰতিভাক সদায় অৱদমন কৰি ৰাখিছোঁ৷ অভিভাৱকসকলে ছাত্ৰ-ছাত্ৰীৰ নম্বৰৰ ওপৰত গুৰুত্ব দি আহিছোঁ কিন্তু তেওঁলোকক স্বাধীনচিতীয়া, নিৰ্ভিক কৰি গঢ়ি তুলিব নোখোজোঁ৷’’