Home ৰাজ্যনলবাৰীৰ জৈৱিক কৃষি ফাৰ্মত পেক হাউছৰ আধাৰশিলা স্থাপন

নলবাৰীৰ জৈৱিক কৃষি ফাৰ্মত পেক হাউছৰ আধাৰশিলা স্থাপন

by News Desk
64 views
A+A-
Reset

নলবাৰীঃ দীৰ্ঘদিনিয়া দাবী পূৰণ হ’ল নলবাৰী জিলাবাসীৰ৷ জিলা খনৰ মৈৰাদঙাৰ শংকৰদেৱ জৈৱিক কৃষি ফাৰ্মত মঙলবাৰে এটা পেক হাউছ গৃহৰ আধাৰশিলা স্থাপন কৰে স্থানীয় বিধায়ক অশোক কুমাৰ শৰ্মাই। জৈৱিক কৃষি ফাৰ্মৰ সভাপতি বিপুল হালৈ, সম্পাদক কৈলাস হালৈ আঁত ধৰা অনুষ্ঠানত আনুষ্ঠানিকভাৱে আধাৰশিলা স্থাপন কৰি ইয়াৰ দ্বাৰা ৰাইজৰ সহায় বুলি কয় নলবাৰী সমষ্টিৰ বিধায়কগৰাকীয়ে৷

নলবাৰী জিলা কৃষি বিভাগৰ উদ্যান শস্য শাখাৰ অনুদানেৰে নিৰ্মাণ কৰিবলগীয়া পেক হাউছ গৃহটোৰ আধাৰশিলা স্থাপনত নলবাৰী উন্নয়ন আয়ুক্ত নাদিৰা জেছমিন, জিলা কৃষি বিষয়া হোমেশ্বৰ কলিতা সহ কেইবাজনো বিষয়া উপস্থিত থাকে। উল্লেখ্য যে, উক্ত ফাৰ্ম খনে ৪০ হেক্টৰ মাটিত ইতিমধ্যেই ৰঙালাওৰ খেতি কৰি বিক্ৰী কৰিবলৈ সক্ষম হৈছে। অনুষ্ঠানত বিধায়ক শৰ্মাই ফাৰ্মখনৰ উন্নতি কামনা কৰাৰ লগতে তেওঁৰ ফালৰ পৰাও আগন্তুক সময়ত সহায় কৰিব বুলি প্ৰকাশ কৰে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0