নলবাৰীঃ নলবাৰীত অচিৰেই আৰম্ভ হ’ব বিনামূলীয়া থেৰাপী সেৱা। চহৰৰ কলেজ ৰোডৰ ছান বীম হেল্থ কেয়াৰত বিনামূলীয়াকৈ এই সেৱা প্ৰদান কৰা হ’ব বুলি জানিব পৰা গৈছে।

অহা তিনি জানুৱাৰীত নলবাৰীৰ বিধায়ক অশোক কুমাৰ শৰ্মাই সেৱা কেন্দ্ৰটো আনুষ্ঠানিক ভাবে উদ্বোধন কৰিব। উদ্বোধনী অনুষ্ঠানত জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া কৃষ্ণা বৰুৱ আৰু ভিগেন ইণ্ডিয়াৰ মাণ্ডলিক সঞ্চালক চম্পক শৰ্মা আদি উপস্থিত থাকিব।

ভিগেন ইণ্ডিয়াৰ তত্বাবধানত প্ৰতিদিনে বিজ্ঞানসন্মত বিনামূলীয়া থেৰাপী সেৱা প্ৰদান কৰা হ’ব বুলি ছান বীম হেল্থ কেয়াৰৰ স্বত্বাধিকাৰী খনীন শৰ্মাই জানিব দিছে।