♦ বিনা ৰছিদে এজেন্সিয়ে দিয়ে গেছ
নলবাৰীঃ নলবাৰীৰ ভিতৰৰ কিছু অঞ্চলত ৰন্ধন গেছৰ ছিলিণ্ডাৰ বিক্ৰীৰ এক অবৈধ বেহা গুৰুতৰ হাৰত বৃদ্ধি পাব ধৰিছে।
অপৰিহাৰ্য পণ্যদ্ৰব্যৰ কথা ক'বলৈ গ'লেই বৰ্তমান সময়ত ৰন্ধন গেছৰ চাহিদা অতি উচ্চ। সম্প্ৰতি, প্ৰাপ্ত অভিযোগ অনুসৰি নলবাৰী চহৰৰ গাতে লাগি থকা ভাৰত গেছ এজেন্সিটোৰ পৰিচালকজনে নীতি বহিৰ্ভূতভাৱে ৭৫৬•৫০ টকাৰ পৰিৱৰ্তে ৭৬০ টকাত বিনা ৰছিদেৰে গেছ প্ৰদান কৰা বুলি অভিযোগ পোৱা গৈছে৷
এনেদৰে যদি প্ৰতিদিনত ৩০০ গেছ বিতৰণ কৰে তেনেহ’লে বিনা ৰছিদৰ বাবদ প্ৰতিদিনে ওপৰঞ্চি লাভ কৰিব পৰিচালক জনে ১০৫০৷ এনেদৰে গ্ৰাহকক ৰাম ঠগন দিয়াক লৈ নলবাৰীৰ বিভিন্ন দল সংগঠনে শিঘ্ৰে বিহিত ব্যৱস্থা লোৱাৰ বাবে আহ্বান জনাইছে৷ ইয়াৰ অন্যথা তীব্ৰ আন্দোলনৰ হুংকাৰ দিছে৷
উল্লেখ্য যে ইয়াৰ লগতে ৰন্ধনগেছৰ ছিলিণ্ডাৰৰ যোগান এতিয়াও জিলাখনৰ জনসাধাৰণৰ চাহিদা পূৰাব পৰাকৈ হৈ পৰ্যাপ্ত উঠা পৰিলক্ষিত হোৱা নাই। ৰন্ধন গেছৰ ক'লা বজাৰৰ অৱস্থিতিৰ অন্যতম কাৰণ হৈছে যে জিলাখনৰ জনসাধাৰণে ৰন্ধন গেছৰ সংযোগৰ বাবে আবেদন নকৰি নিৰৱিচ্ছিন্নভাৱে, সুবিধাজনক আৰু সহজলভ্যভাৱে ক'লা বজাৰ উৎসৰ ব্যৱহাৰ কৰি আহিছে।
এই যোগান ধৰোঁতাসকল সাধাৰণতে স্থানীয় গেলামাল দোকানীৰপৰা কিছু কিছু সময়ত ঘৰ বা মাটি-বাৰী ভাৰাত দিওঁতা ব্যক্তিসকল হোৱা দেখা যায়। কিছুসংখ্যক গেছ এজেন্সিৰ যোগান কাৰ্যকৰী কৰ্মচাৰীও এই ব্যৱসায়ত জড়িত থকা দেখা যায়। এই ব্যৱসায়টো অত্যন্ত লাভজনক বুলি সদায় চৰ্চাত। কিয়নো এটা ৰন্ধন গেছ ছিলিণ্ডাৰে প্ৰায় ১৪০০ টকালৈকে লাভৱান কৰি চহকী হোৱাত অৰিহণা যোগাব পাৰে।
বেছিভাগ পৰিয়াল বা ব্যৱহাৰকাৰী; যিয়ে ছিলিণ্ডাৰসমূহ অতিৰিক্ত টকা ব্যয় কৰি আহৰণ কৰিবলগীয়া হয়, তেওঁলোক হৈছে সাধাৰণতে সমাজৰ নিম্নস্তৰৰ লোক, ছাত্ৰ-ছাত্ৰী, অন্য ঠাইৰপৰা আহি নতুনকৈ বসবাস কৰিবলৈ লোৱা ব্যক্তি আৰু বনুৱাসকল।
লগতে, ইয়াত এটা বিশাল সংখ্যাৰ স্থানীয় হোটেল আৰু চাহ দোকান আছে, যিবিলাকে ক'লা বজাৰত ছিলিণ্ডাৰ কিনাৰ ওপৰত নিৰ্ভৰ কৰি চলিবলগীয়া হয়। সেইসকল লোক হৈছে বাহিৰৰ আৰু তেওঁলোকে জীয়াই থকাৰ বাবে বহুত কষ্ট কৰিবলগীয়া হয়। ইয়াৰে সৰহসংখ্যক লোকৰেই কোনো উপযুক্ত তথ্য-প্ৰমাণ নাই, যিয়ে তেওঁলোকক ৰন্ধন গেছৰ সংযোগ দিয়াত সহায় কৰিব পাৰে।