হেমন্ত কলিতা, নলবাৰীঃ প্ৰৱল ইচ্ছা শক্তি, একাগ্ৰতা আৰু কঠোৰ পৰিশ্ৰমেৰে সফলতা যে লাভ কৰিব পাৰি এই কথা প্ৰমাণ কৰি দেখুৱালে নলবাৰী জিলাৰ বাঁহজানী মৌজাৰ দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ চিন্ময়ে।
ব্যক্তিগত প্ৰচেষ্টাত চিন্ময়ে শিক্ষা জীৱনত বহু কঠিন সমস্যাৰ সন্মুখীন হৈও এইবাৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাত স্থানীয় দক্ষিণ নলবাৰী মহাবিদ্যালয়ৰপৰা কলা শাখাত ৬২ শতাংশ নম্বৰৰে চিন্ময় প্ৰথম বিভাগত সুখ্যাতিৰে উত্তীৰ্ণ হৈ নিজ মাতৃৰ লগতে গাঁওখনলৈ সুনাম কঢ়িয়াই আনিলে। উল্লেখ্য যে দৰিদ্ৰতাৰ সৈতে যুঁজ কৰি চিন্ময় প্ৰতি খোজত আগবাঢ়ি গৈছিল।