হেমন্ত কলিতা, নলবাৰীঃ ৰাজ্যত শক্তি বিভাগৰ অমনোযোগিতাৰ বাবে বাৰে বাৰে যে মানুহৰ প্ৰাণ হানি হৈ আহিছে সেয়া এশ শতাংশই সঁচা বুলি প্ৰমাণিত হ’বলৈ ধৰিছে বিভাগটোৰ কাণ্ডকাণ্ডত৷
শেহতীয়াকৈ বিভাগটোৰ একাংশ ঠিকাদাৰে বিদ্যুৎ বিভাগৰ কৰ্মচাৰীৰ লগত মিতিৰালি কৰি অতি নিম্ন মানৰ তাঁৰ আৰু গাৰ্ড নোহোৱাকৈ বিদ্যুৎ সৰবৰাহ কৰাৰ ফলত বহু দুৰ্ঘটনা হ’বলৈ লৈছে। এই অভিযোগ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, বাহঁজানী আঞ্চলিক সমিতি, বাঁহজানী আঞ্চলিক ছাত্ৰ সংন্থা আৰু স্থানীয় ৰাইজৰ৷