নলবাৰীঃ সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত দৰিদ্ৰতাক নেওচি দুই ছাত্ৰ-ছাত্ৰীৰ সফলতাই নলবাৰী জিলাৰ বাহঁজানীৰ জানিগোগ(কৰেবাৰী)গাঁওবাসী তথা স-পৰিয়াললৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয়।
শিক্ষাৰ দিশত যে দৰিদ্ৰতা ই হেঙাৰ হ’ব নোৱাৰে এই দুগৰাকী ছাত্ৰ-ছাত্ৰীয়ে তাকেই প্ৰমাণ কৰি দেখুওৱালে৷ জানিগোগ কৰেবাৰী নিবাসী ক্ষুদ্ৰ ব্যৱসায়ী, বাওঁপন্থী আন্দোলনৰ নেতা কন্দৰ্প শৰ্মা আৰু অনামিকা দেৱীৰ কন্যা তথা পূৱ বাহঁজানী গোপালথান বালিকা বিদ্যা মন্দিৰৰ ছাত্ৰী জুস্মিতা দেৱীয়ে প্ৰথম বিভাগত উত্তীৰ্ণ হোৱাৰ লগতে সংস্কৃতি আৰু সমাজ বিজ্ঞানত লেটাৰ নম্বৰ লাভ কৰে। সুস্মিতা দেৱীয়ে ইংৰাজীত ৫৫, গণিতত ৬০, সাধাৰণ বিজ্ঞানত ৭৬, সমাজ বিজ্ঞানত ৮১, অসমীয়াত ৭০ আৰু সংস্কৃতিত ৮১ নম্বৰ সহ মুঠ ৪২৩ নম্বৰ লৈ উত্তীৰ্ণ হয়।