নলবাৰীঃ এইবাৰ পুনৰ নলবাৰীত সাংবাদিকৰ ওপৰত আক্ৰমণ সংঘতিত হয়৷ ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পাব ধৰিছে সাংবাদিকৰ ওপৰত আক্ৰমণৰ ঘটনা।

একাৰ্থত, যেন এতিয়া চূড়ান্ত নিৰাপত্তাহীনতাত গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ প্ৰহৰীসকল। ৰাজ্যত পুনৰ সংঘটিত হৈছে সাংবাদিকৰ ওপৰত জঘন্য আক্ৰমণৰ ঘটনা। 

এইবাৰ সাংবাদিক আক্রমণিত হৈছে নলবাৰীৰ মুকালমুৱাত। প্ৰাপ্ত তথ্য অনুসৰি বৃহস্পতিবাৰৰ নিশা এটা দুৰ্বৃত্তৰ দলে মুকালমুৱাৰ 'দৈনিক অসমৰ' সাংবাদিক ৰাজেন ডেকাৰ ওপৰত এক প্ৰাণনাশী আক্ৰমণ সংঘটিত কৰে।

আক্ৰমণটোৰ ভয়াবহতা ইমানেই ভয়ংকৰ আছিল যে মুহূৰ্ততে সাংবাদিক ডেকাৰ সমগ্ৰ মুখমণ্ডল তেজেৰে তুমুৰালী হৈ পৰে। স্থানীয় একাংশ লোকে ডেকাক তেনে অৱস্থাত প্ৰত্যক্ষ কৰি ৰাতিয়েই মুকালমুৱাৰপৰা উন্নত চিকিৎসাৰ বাবে গুৱাহাটীৰ চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰায়।

উল্লেখ্য যে আক্ৰমণটোত কোন জড়িত এই মূহুৰ্তলৈ জানিব পৰা হোৱা নাই যদিও ৰাইজে সন্দেহ কৰিছে একাংশ বিজেপি কর্মী জড়িত থকা বুলি।

মুকালমুৱাৰ সংবাদকৰ্মী ৰাজেন ডেকাক দুৰ্বৃত্তই আক্ৰমণ কৰাৰ ঘটনাক অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ নলবাৰী জিলা সমিতিয়ে তীব্ৰ ভাষাৰে গৰিহণা দিছে৷

সাংবাদিক ৰাজেন ডেকাৰ আক্ৰমণকাৰীক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তি দিয়াৰ দাবীত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ নলবাৰী জিলা সমিতিৰ সমূহ আঞ্চলিক সমিতিয়ে ক’লা বেজ পৰিধান কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে৷