Home ৰাজ্যনিজ পকোৱাত ৫৮ তম লক্ষ্মী পূজাৰ আয়োজন উদযাপন সমিতি

নিজ পকোৱাত ৫৮ তম লক্ষ্মী পূজাৰ আয়োজন উদযাপন সমিতি

by News Desk
59 views
A+A-
Reset

newsnextone.com| নলবাৰীঃ পশ্চিম নলবাৰী অঞ্চলৰ নিজ পকোৱাত উদযাপন সমিতিয়ে পূৰ্বৰে পৰা অতি ধুমধামেৰে লক্ষ্মী পূজাৰ আয়োজন কৰি আহিছে৷ থিক আগৰ দৰে এইবাৰো ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰী ৰাজহুৱা লক্ষ্মী মন্দিৰ প্ৰাংগনত ৫৮ তম লক্ষ্মীপূজা অনুষ্ঠিত কৰিবলৈ যো-জা আৰম্ভ কৰিছে সমিতিয়ে৷ অহা ২৪ অক্টোবৰৰ পৰা ২৭ অক্টোবৰলৈ চাৰিদিনিয়াকৈ উদযাপিত হ’বলগীয়া পূজা খন সুকলমে পৰিচালনা কৰাৰ বাবে ইতিমধ্যে ভূৱনেশ্বৰ দত্তক সভাপতি আৰু কুমুদ দত্তক সম্পাদক হিচাপে দায়িত্ব ভাৰ দি এখন উদযাপন সমিতিৰ লগতে আন কেবাখনো উপসমিতিও গঠন কৰা হৈছে বুলি জানিব পৰা গৈছে৷ পূজাৰ আটাই কেইদিনতে অসমৰ আগশাৰীৰ ভ্ৰাম্যমান নাট্য দল বৃন্দাবন আৰু ইতিহাস থিয়েটাৰে নাট প্ৰদৰ্শন কৰিব৷ প্ৰথমনিশা স্থানীয় ন পুৰনি শিল্পীৰ সমাবেশেৰে এখন পূৰ্ণাংগ নাট মনস্থ কৰা হ’ব৷ এই পূজা খনৰ বাবে সকলোৱে অধিৰ আগ্ৰহেৰে বাট চাই ৰৈছে বুলি অনুমান কৰা হৈছে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0