ডিজিটেল ডেস্ক |নলবাৰীঃ মা মহামায়া মহালক্ষ্মীৰ পাদপদ্মত ভক্তি অৰ্ঘ নিবেদন কৰাৰ লক্ষ্যৰে পৰাম্পৰাগত ভাৱে পালন কৰি অহা নলবাৰী জিলাৰ হাজো পথৰ (জিলিকনি) লক্ষ্মী মন্দিৰ চ’কত অহা ২৩ আৰু ২৪ অক্টোবৰত ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী লক্ষ্মী মন্দিৰৰ প্ৰাঙ্গণত শ্ৰী শ্ৰী লক্ষ্মী পূজাৰ আয়োজন কৰা হৈছে৷ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী লক্ষ্মী পূজা উদযাপন পৰিচালনা সমিতিৰ সভাপতি মহেন্দ্ৰ দাস, কাৰ্যকৰী সভাপতি বিৰাজ দাস আৰু সাধাৰণ সম্পাদক ৰিজু দাস আৰু প্ৰদ্যুত শৰ্মাই জানিব দিয়া মতে ২৪ অক্টোৱৰত ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী লক্ষ্মী পূজাৰ লগত সংগতি ৰাখি সন্ধিয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰা হৈছে৷
ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী লক্ষ্মী মন্দিৰৰ পূজা ৰ কাৰ্যসূচী অনুসৰি ২৩ অক্টোবৰত ৰাতিপুৱা ৮ বজাত ইউথ এমেচাৰ ক্লাৱ সমূহ সদস্যৰ দ্বাৰা স্বচ্ছ অভিযান আৰম্ভ কৰা হ’ব৷ ২৪ অক্টোবৰত ৰাতিপুৱা ৯ বজাত ধৰ্মধ্বজা উত্তোলন, ৩-৩০ বজাত প্ৰাইজমানী একক নৃত্য প্ৰতিযোগিতা৷