মুখ্যমন্ত্ৰীৰ সমাৰোহত কেইবাঘণ্টা থিয় দি থাকিল নলবাৰীৰ সাংবাদিক, মহিলাই নাপালে...

Home ৰাজ্যমুখ্যমন্ত্ৰীৰ সমাৰোহত কেইবাঘণ্টা থিয় দি থাকিল নলবাৰীৰ সাংবাদিক, মহিলাই নাপালে এটুপি খোৱা পানী

মুখ্যমন্ত্ৰীৰ সমাৰোহত কেইবাঘণ্টা থিয় দি থাকিল নলবাৰীৰ সাংবাদিক, মহিলাই নাপালে এটুপি খোৱা পানী

by News Desk
58 views
A+A-
Reset

newsnextone.com | নলবাৰীঃ মঙলবাৰে নলবাৰী জিলাৰ চামতাত ৰাজ্য চৰকাৰৰ গ্ৰামীণ জীৱিকা অভিযান আঁচনিৰ উদ্যোগত এখন মহিলা সমাবেশ অনুষ্ঠিত হয়৷ জিলা প্ৰশাসন, পঞ্চায়ত আৰু গ্ৰামোন্নয়ণ বিভাগৰ উদ্যোগত অনুষ্ঠিত মহিলা সমাৰোহত ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত থাকে৷ চামতা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰ অনুষ্ঠিত সমাৰোহত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অতীত স্মৰণ কৰি সমাৰোহত অংশ গ্ৰহণ কৰা মহিলাক প্ৰত্যক্ষ কৰি আইলৈ মনত পৰা বুলি কয়৷

মুখ্যমন্ত্ৰীয়ে কয় ‘‘আপোনালোকৰ হাতত সেই শক্তি আছে৷ বিশ্বৰ বুকুত অসমীয়া জাতিক শক্তিশালী ৰূপে প্ৰতিষ্ঠা কৰিব লগা হলে মহিলাসকলে অগ্ৰণী ভূমিকা পালন কৰিব লাগিব৷ আপোনালোকক ইশ্বৰে সেই মহান শক্তি প্ৰদান কৰিছে৷ আপোনালোকক প্ৰত্যক্ষ কৰি মোৰ আইলৈ মনত পৰিছে৷ যিগৰাকী আয়ে কেতিয়াও শিক্ষা গ্ৰহণ কৰা নাছিল৷ আজু ককাৰ পৰা পোৱা আধ্যাত্মিক শিক্ষাৰে নীতি শিক্ষাৰে আমাক লৰালি কালতে শিক্ষিত কৰিছিল৷’’ মুখ্যমন্ত্ৰীয়ে মহিলাসকলক অসমৰ উন্নয়নৰ বাবে কাম কৰি যাবলৈ কৈ চৰকাৰে সকলো সহায় কৰিব বুলি প্ৰতিশ্ৰুতি দিয়ে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0