newsnextone.com | নলবাৰীঃ নলবাৰী জিলাৰ দক্ষিন প্ৰান্তৰ বৃহত্তৰ বাহঁজানী অঞ্চলত বুধবাৰে  অঞ্চলটোৰ দক্ষিণ নলবাৰী মহাবিদ্যালয় প্ৰাংগণত একংশ সচেতন ব্যক্তি আৰু অৰাজনৈতিক সংগঠন আছু, যুৱ ছাত্ৰ পৰিষদকে ধৰি বিভিন্ন লোকৰ উপস্থিতিত এখন ইতিবাচক সভা সম্পন্ন হৈ যায় ৷ মৃদুল ডেকাই আঁত ধৰা আৰু গিৰিধৰ ডেকাই উদ্দেশ্য বাখ্য কৰা ইতিবাচক সভাখনৰ সঞ্চালনা কৰে কুশল মজুমদাৰে৷ 

সভাত বাঁহজানী আঞ্চলটোৰ যুৱ প্ৰজন্ম সকল কিদৰে আৰ্থিক ভাবে স্বচ্চল হ'ব পাৰে তাৰ বাবে আলোচনা কৰা হয় ৷ ভাষণ প্ৰসংগত সমাজকৰ্মী হিতেশে কলিতাই কয় যে এটা অঞ্চল আৰ্থিক ভাৱে উন্নয়ন কৰিব হ'লে সেই অঞ্চলটোত উৎপাদনৰ সম্ভাৱনা কিমান আদি কথাবোৰ পৰ্যালোচনা কৰে৷ তেওঁ লগতে কয় যে, বাহঁজানীত জাপি, বাঁহ-বেতৰ উপৰিও মীন পালন, কৃষি পালনৰ লগত বহু মানুহ জড়িত হৈ আহিছে যদিও উৎপাদনৰ সংখ্যা কিদৰে বঢ়াব পাৰি সেই বিষয়ে চিন্তা চৰ্চা কৰা উচিত ৷ 

সভাত সাংবাদিক তথা তাৰ্কিক প্ৰাণজিত দাসে কয় যে, বাহঁজানীৰ পুতুলা নাচ, ঢুলীয়া এইবোৰ এতিয়া বিলুপ্তৰ পথত যদিও একাংশই এই সংস্কৃতিটো জীয়াই ৰাখিছে কিন্তু তেওঁলোকে উপযুক্ত পাৰিশ্ৰমিক  লাভ নকৰে। কিদৰে এই বস্তু সমূহ জীয়াই ৰাখি ইয়াৰ লগত জড়িত লোকসকলক উপযুক্ত পাৰিশ্ৰমিক প্ৰদান কৰিব পৰা যায় তাৰ বাবে ইতিবাচক মন্তব্য আগবঢ়ায় ৷ 

সভাত দক্ষিণ নলবাৰী মহাবিদ্যালয়ৰ অধ্যক্ষ ৰাধানাথ কলিতা, নিত্যানন্দ ছোৱালী হাইস্কুলৰ প্ৰধান শিক্ষক দেৱানন্দ ডেকা, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতা মনোৰাম কলিতা, প্ৰাক্তন আছু নেতা প্ৰনৱ বৰ্মন, নলবাৰী জিলাৰ কৰ্মচাৰী পৰিষদৰ সম্পাদক হেমেন চৌধুৰী, জিলা শিক্ষা প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ প্ৰৱক্তা চিত্ৰ নাৰায়ণ বৰুৱা, অৱসৰপ্ৰাপ্ত শিক্ষক প্ৰদীপ শৰ্মাৰ লগতে ভালেকেইগৰাকী ব্যক্তিয়ে ভাষণ আগবঢ়ায় ৷ 

সভাৰ শেষত ইতিবাচক চিন্তা চৰ্চাবোৰক বাস্তৱ ৰূপ দিয়াৰ বাবে কুশল কুমাৰ মজুমদাৰক সভাপতি আৰু গিৰিধৰ ডেকাক সাধৰণ সম্পাদক হিচাপে লৈ বাহঁজানী নাগৰিক মঞ্চ নামেৰে এখন নতুন মঞ্চ গঠন কৰা হয় ৷ অনাগত দিনত এই মঞ্চই বাঁহজনীৰ ইতিবাচক চিন্তা চৰ্চাৰ মাজৰে আগুৱাই যোৱাৰ পৰিকল্পনা কৰে ৷