নলবাৰীঃ বাওঁপন্থীৰ বিৰুদ্ধে প্ৰতিবাদত নামিল গেৰুৱা বাহিনী৷ বুধবাৰে ৰাজ্যৰ ইমুৰৰ পৰা সিমুৰলৈ বিজেপিয়ে কৰিলে প্ৰতিবাদ৷ কেৰেলাত বিজেপি কৰ্মীৰ ওপৰত বাওঁপন্থীয়ে নিৰ্যাতন তথা হত্যালীলা চলোৱাৰ অভিযোগ উত্থাপন কৰি প্ৰতিবাদ সাব্যস্ত কৰে৷ নলবাৰী জিলাতো বিজেপিৰ ৮টা মণ্ডলে ৮ স্থানত ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। পূৱ নলবাৰী মণ্ডল বিজেপিয়ে নলবাৰী মহাবিদ্যালয় খেল পথাৰত ধৰ্মঘট কাৰ্যসূচী ৰবপায়ণ কৰে।
মণ্ডল সমিতিৰ সভাপতি জয়ৰাম বৰ্মন, সাধাৰণ সম্পাদকদ্বয় ভূপেন ডেকা, খগেন ডেকা, সম্পাদকদ্বয় অঞ্জন বৰ্মন, শুভজিত মল্ল বুজৰবৰুৱাই নেতৃত্ব দিয়া কাৰ্যসূচীত নলবাৰী সমষ্টিৰ বিধায়ক অশোক কুমাৰ শৰ্মা, জিলা বিজেপিৰ সভাপতি বনদ্বীপ ডেকা, উপ-সভাপতি অপূৰ্ব শৰ্মা, আৰতী বৈশ্য, কোষাধ্যক্ষ ধ্ৰুৱজ্যোতি দত্ত, সাধাৰণ সম্পাদক নিতুল ডেকা, জিলা মহিলা মৰ্চাৰ সভানেত্ৰী অঞ্জনা বৰ্মন, অবিচি মৰ্চাৰ সভাপতি ধনমণি দাস, মজদুৰ মৰ্চাৰ সভাপতি ধনেশ্বৰ ডেকা ৰাজ্যিক বিজেপিৰ সদস্য প্ৰতুল কলিতা, জেষ্ঠ নেতা যজ্ঞেশ্বৰ বুজৰবৰুৱা, ৰজনী বৰ্মন আদিকে ধৰি বহুত সংখ্যক নেতা-নেত্ৰী সহ পাচঁ শতাধিক দলীয় কৰ্মী উপস্থিত থাকে।