newsnextone.com। নলবাৰীঃ শাৰদীয় দূৰ্গা পূজালৈ মাজত মাথো কেইটামান দিন বাকী। ব্যস্ত হৈ পৰিছে ৰাজ্যবাসী। ডেকা-বুঢ়া সকলোৰে যেন এতিয়া গাত তত নোহোৱা হৈছে নতুন কাপোৰ এযোৰ লোৱাৰ বাবে। পূজাৰ প্ৰাকক্ষণত বজাৰত উভৈনদী হৈ পৰিছে পূজাৰ সা-সামগ্ৰী।
আপোনজনক নকৈ এযোৰ উপহাৰ দিবৰ বাবে সকলোৱে বজাৰত ভিৰ কৰিছে । নলবাৰীত ম’ল সমূহত বহুত দাম বৃদ্ধি হোৱা বুলি আক্ষেপেৰে জানাই গ্ৰাহক সকলে ৷ উচ্চ গানত পূজাৰ বজাৰত ছোৱালীৰ ফ্ৰক ৪০০০-৭০০০ টকাকৈ বিক্ৰী হোৱাৰ বিপৰীতে লেহেঙ্গা বিক্ৰী হৈছে ৩৫০০ – ৬৮০০০ টকা পৰ্যন্ত কিন্তু এনেধৰণৰ কাপোৰ ক্ষুদ্ৰ ক্ষুদ্ৰ দোকানত বহুত কম দামত পোৱা যায় বুলি কয় গ্ৰাহকসকলে।