নলবাৰী, হেমন্ত কলিতাঃ নলবাৰী জিলাৰ বেলশৰ গাঁওৰ বৰ্তমান জিলাখনৰ মালিকুছি গাঁও নিবাসী বিশিষ্ট জেষ্ঠ্য নাগৰিক, সমাজসেৱী, শিক্ষা-সংস্কৃতিপ্ৰেমী, উত্তৰ পূব সীমান্ত ৰে’ল বিভাগৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী ৰমনী সেন ডেকাৰ মঙলবাৰে ৰাতিপুৱা ৬-৩০ বজাত নিজ গৃহত পৰলোকপ্ৰাপ্তি ঘটে।
বাৰ্ধক্যজনিত ৰোগত শেষ নিশ্বাস ত্যাগ কৰা বিশিষ্ট ব্যক্তিগৰাকীৰ মৃত্যুৰ সময়ত বয়স আছিল ৮০ বছৰ। দীৰ্ঘদিন ধৰি ৰে’ল বিভাগত সেৱা আগবঢ়াই ২০০১ চনত চাকৰিৰপৰা অৱসৰ লৈছিল। অৱসৰৰ পিছত প্ৰয়াত ডেকাই বিভিন্ন সামাজিক তথা ধৰ্মীয় অনুষ্ঠানত জড়িত হৈ সমাজসেৱা কৰিছিল।
তেওঁৰ বিয়োগত সমগ্ৰ অঞ্চলটোত গভীৰ শোকৰ ছাঁ পৰে। বিশিষ্ট ব্যক্তিগৰাকীৰ মৃত্যুত নলবাৰী সমষ্টিৰ বিধায়ক অশোক শৰ্মা, জিলা বিজেপিৰ সভাপতি বনদ্বীপ ডেকা, নলবাৰী জিলা পৰিষদৰ সভাপতি নিতুল ডেকা, নলবাৰী পৌৰসভাৰ সভানেত্ৰী বিপাশা দাস, হৰি মন্দিৰ পৰিচালনা সমিতি, মালিকুছি শ্যামৰায় সত্ৰসহ বিভিন্ন দল সংগঠন আৰু বিশিষ্ট ব্যক্তি, অনুষ্ঠানৰ নেতৃত্বই গভীৰ শোক প্ৰকাশ কৰে আৰু পৰিয়ালক সমবেদনা জ্ঞাপন কৰাৰ লগতে নশ্বৰ দেহত পুষ্পল্যাৰ্পন কৰি শ্ৰদ্ধা নিবেদন কৰে।
পিছত দিনৰ ১২ বজাত বহু গুণমুগ্ধৰ উপস্থিতিত নলবাৰী গৰু বজাৰস্থিত শ্মশান (মুক্তিধাম)ত অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হয়। মৃত্যুৰ সময়ত ডেকাই তিনিজন পুত্ৰ, দুইগৰাকী কন্যা, বোৱাৰী, দুই জোঁৱাই, নাতি-নাতিনী আৰু অনেক গুণমুগ্ধক ইহসংসাৰত এৰি যায়।