নলবাৰীঃ শিক্ষা গ্ৰহনৰ ক্ষেত্রত দৰিদ্ৰতা কেতিয়াও হেঙাৰ হ’ব নোৱাৰে৷ তাৰেই জ্বলন্ত উদাহৰন দাঙি ধৰিলে নলবাৰী জিলাৰ মুগকুছিৰ এগৰাকী ছাত্ৰীয়ে৷ উল্লেখ্য যে, অসম শিক্ষা বিভাগে ১৫ মে’ত ঘোষনা কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাৰ্তিৰে উজলি উঠিল জিলাখনৰ মুগকুছি গাঁৱৰ  ৰেহেনা বেগমে৷  অঞ্চলটোৰ অতি দৰিদ্ৰ পৰিয়ালৰ ৰেহেনাই অঞ্চলটোৰ পূব বাহঁজানী গোপালথান বালিকা বিদ্যালয়ৰপৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ন হৈ ৭৭•১৬ শতাংশৰে উত্তীৰ্ণ হয়৷ 

কাপোৰ ফেৰি কৰি পৰিয়াল পোহ পাল দিয়া কুদ্দুছ আলীৰ কন্যা ৰেহেনাই অসমীয়াত ৭১, ইংৰাজীত ৭২, গণিত ৮৬, সাধাৰন বিজ্ঞানত ৬৭, সমাজ বিজ্ঞানত ৮৪ আৰু হিন্দী ত ৮৩ মুঠ ৪৬৩ নম্বৰ লাভ কৰি সমগ্ৰ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে৷ উৰুখা প্ৰজাৰ তলত পঢ়ি উত্তীৰ্ণ হোৱা ৰেহেনাৰ এতিয়া উচ্চ শিক্ষাৰ বাবে থমকি ৰ’ব লগাত পৰিছে৷ ভৱিষ্যতে এজন প্ৰকৃত মানুহ হিচাপে দেশৰ-দহৰ বাবে সেৱা কৰাৰ অদম্য হেঁপাহ পুহি ৰখা ছাত্রী ৰেহেনাৰ সফলতাত যি দৰে সকলো আনন্দিত হৈছে ঠিক সেই দৰে তেওৰ পিতৃ- মাতৃৰ  চকুত বৈছে চকুলো. কাৰন কন্যাক পঢ়ুৱাবলৈ সামৰ্থ নাই পিতৃৰ৷ 

ইয়াৰ বিপৰীতে কন্যাৰ এনে সফলতাত যে সৰগ ভাঙি পৰাৰ দৰে অৱস্থা হৈছে পৰিয়ালটোৰ মাজত৷ ইফালে বিজুলী বাতিৰ পোহৰৰ অবিহনে কেৱল টিপ চাকিৰ পোহৰত পঢ়ি ভৱিষ্যতৰ সপোন দেখা ছাত্রীজনীৰ ঘৰ বুলিবলৈ আছে কেৱল এখন চালি৷ এই সন্দৰ্ভত অঞ্চলটোৰ সচেতন তথা শিক্ষক ভাতৃদ্বয় মইনুল হক আৰু আইনুল হকৰ লগত যোগাযোগ কৰাত প্ৰকাশ কৰে যে দৰিদ্ৰ পৰিয়ালৰ ছাত্রীজনীৰ এই সফল্যত আমি বহুত আনন্দিত৷ কাৰণ বিগত সময়ত আৰ্থিকভাৱে জুৰুলা পৰিয়ালটোৰ ছাত্ৰী গৰাকীক পঢ়া পাতি সময়ে সময়ে আমি দুই ভাতৃই চাই দিছিলো৷ 

ৰেহেনাৰ উচ্চ শিক্ষাৰ বাবে ৰাইজৰ সহায়ৰ হাত আগবঢ়োৱাৰ বাবে হৃদয়বান লোকৰ সহায়ৰ আহ্বান জনাইছে ছাত্ৰীজনীৰ পৰিয়ালে৷ ইফালে, গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মৃদুল আহমেদে হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৬৬•৩৩ শতাংশ লাভ কৰি সুনাম কঢ়িয়াই আনিছে৷ তেওঁ সমাজ বিজ্ঞানত ৮১ নম্বৰ লাভ কৰি লেটাৰ পাবলৈ সক্ষম হয়৷ আনহাতে, একে গাওঁৰে আবুতালেব আলী আৰু চামচুল হকে দৰিদ্ৰতাক নেওচি সুনাম লাভ কৰিছে৷ দুযো়জনে চহৰৰ চৰকাৰী গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰপৰা প্ৰথম বিভাগত উৰ্ত্তীণ হয়৷ 

উল্লেখ্য যে, বিজ্ঞানত ৮৩ নম্বৰসহ লেটাৰ নম্বৰ পাবলৈ সক্ষম হোৱা আবুতালেৱ আলীৰ পিতৃ আব্দুল মন্নাফ আলী কাপোৰ বিক্ৰেতা কাম কৰি কোনোমতে পৰিয়াল চলায়৷ আনহাতে, চামচুল হকৰ পিতৃ খালেক আলীয়েও কাপোৰ বিক্ৰী কৰি কোনোমতে পৰিয়ালটো চলায় আছে৷ এই অতি  দৰিদ্ৰ পৰিয়ালকেইটাৰ ছাত্ৰ-ছাত্ৰীৰ সাফল্যত অঞ্চলটোৰ সচেতন ৰাইজে উল্লাহিত হোৱা পৰিলক্ষিত হৈছে৷