Home ৰাজ্যনলবাৰী চহৰৰ উত্তৰ দিশৰ উদয়পুৰ পথ বিধ্বস্ত

নলবাৰী চহৰৰ উত্তৰ দিশৰ উদয়পুৰ পথ বিধ্বস্ত

by News Desk
A+A-
Reset
nalbari road

নলবাৰীঃ ৰাজ্যৰ পৰিবৰ্তনকামী চৰকাৰে  উন্নয়ন আৰু বিকাশৰ কথা কৈ থকাৰ সময়তে  নলবাৰী ৰেলৱে ষ্টেচন আৰু ৰাষ্ট্ৰীয় ঘাইপথৰ সংযোগী পথ নলবাৰীৰ  উদয়পুৰৰ পথটোৰ তথৈবচ ৰূপে চৰকাৰৰ  উন্নয়নৰ নমুনা  উদঙাইছে বুলি ৰাইজে ক্ষোভ  উজাৰে ।  সম্প্ৰতি পথটো  আধাপকী- আধাকেচা হৈ থকাৰ বাবে পথচাৰীয়ে যমৰ যাতনা ভুগিব লগা  হৈছে। 
উল্লেখযোগ্য যে উক্ত পথচোৱাত এজাক বৰষুণ হলেই পথৰ গাত বোৰত পানী জমা হৈ পুখুৰী সদৃশ হৈ যায়। বিদ্যালয়ৰ ছাত্র-ছাত্ৰী সকলে অহা যোৱাত যথেষ্ট অসুবিধাৰ সন্মুখীন হয়। পথটোত ৰাতি হ’লে এন্ধাৰত অহা যোৱা কৰোতে যথেষ্ট অসুবিধাত পৰিব লগা হয় পথচাৰী সকল। পথটোত থকা ষ্ট্ৰীট-লাইটসমূহ বহুদিন ধৰি বিকল হৈ থকাত ৰাতি চলাচল কৰাত যথেষ্ট আহুকালৰ সৃষ্টি হয় ৰাইজৰ। উক্ত পথটোৰ দুয়োকাষে নলা নৰ্দমাৰ ব্যৱস্থা কৰাৰ লগতে পথটোত থকা ষ্ট্ৰীট-লাইট সমূহৰ লগতে পথটো পুনৰ নিৰ্মাণ অথবা মেৰামতি কৰি চলাচলত সুবিধা কৰাৰ দাবীত আজি উদয়পুৰ গাও উন্নয়ন সমিতিৰ সভাপতি যাদৱ শীল, সম্পাদক ভৱজিৎ বেজবৰুৱা, মধ্য নলবাৰী শাখা ছাত্র সন্থাৰ সম্পাদক পিনু বেজবৰুৱা আৰু উদয়পুৰ যুৱক সংঘৰ সম্পাদক ধীমান শৰ্মাই নলবাৰী জিলা উপায়ুক্ত আৰু নলবাৰী পৌৰসভালৈ পৃথকে পৃথকে স্মাৰক পত্ৰ প্ৰেৰণ কৰে। ইফালে স্থানীয় ৰাইজে  অভিযোগ কৰা মতে বিপাশা দাস নেতৃত্বাধীন পৌৰসভাৰ অকৰ্মণ্যতাৰ ফলতো ৰাইজে যাতনা ভুঞ্জিব লগা হৈছে ।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0