নলবাৰীঃ পঞ্চায়ত আহে আৰু যায়৷ কামো কৰে বিভিন্ন উন্নয়নমূলক আঁচনিৰ জৰিয়তে৷ কিন্তু ৰাইজৰ উপকাৰত অহা ধৰণৰ কোনো কামে হোৱা দেখা নাযায়৷ বহুতো পথ আছে যিটো পথৰ উন্নয়নৰ কাম প্ৰত্যেকখন পঞ্চায়তে কৰে, মুনফাও লভে মধ্যভোগীয়ে, কিন্তু ৰাইজেৰ ক্ষেত্ৰত একো উপকাৰত নাহে, মাত্ৰ বোকাপানী গছকিহে পথটোৰে অহা-যোৱা কৰিব লাগে৷
তেনেকুৱা এটি পথ হৈছে নলবাৰী বিধানসভা সমষ্টিৰ পূৰ্ণদৈচপৰা গাঁৱৰ মহাপুৰুষিয়া চুবুৰীৰ পথ৷ লহকৰ বেকাৰীৰ সন্মুখৰপৰা চুবুৰীটোৰ মাজৰে দক্ষিণ ফালৰ ধৰণী লহকৰৰ ঘৰৰ ওচৰলৈ আধা কিঃ মিঃ দৈৰ্ঘ্যৰ উক্ত পথটি দেখিলে সঁচাকৈয়ে পুতৌ লগা৷