newsnextone.com | নলবাৰীঃ চৰকাৰে উন্নয়ন কৰিছে৷ গ্ৰামাঞ্চল সমূহৰ উন্নয়নত চৰকাৰে বিশেষ ভাৱে গুৰুত্ব প্ৰদান কৰিছে৷ এই বিষয়ে সভাই-সমিতিয়ে, বাতৰিয়ে-বিজ্ঞাপনে চৰকাৰে ঢাক ঢোল বজাই অহা পৰিলক্ষিত হৈছে যদিও প্ৰকৃততে কিমান উন্নয়ন সম্ভৱ হৈছে ৰাজ্যৰ গ্ৰামাঞ্চমলসমূহত, সেয়া এক গুৰুত্বপূৰ্ণ বিষয় হৈ পৰা পৰিলক্ষিত হৈছে৷

বাৰিষাৰ নমাৰ লগে লগেই গ্ৰামাঞ্চসমূহত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়৷ নৈ পৰীয়া গাঁওবাসীয়ে আকৌ এবাৰ নৈত উটি যোৱাৰ ভয়ত চিৎকাৰ কৰি উঠে৷ তদুপৰি বাৰিষা আহিলে গ্ৰামাঞ্চলসমূহত দেখা দিয়া আন এক সমস্যা হৈছে যাতায়ত ব্যৱস্থা৷ এজাক বৰষুণতে ৰাজ্যৰ বিভিন্ন গাঁওত যাতায়ত ব্যৱস্থা বিঘ্নিত হৈ পৰে৷ বৰষুণৰ পিছতে গাঁওৰ বাট-পথে বোকাময় কদৰ্য ৰূপ ধাৰণ কৰাত সেই বাটেৰে যম দূত আহিবলৈও ভয় কৰা পৰিস্থিতিৰ সৃষ্টি হয়৷

নেৰানেপেৰা বৰষুণৰ ফলত নলবাৰী জিলাৰ বিভিন্ন অঞ্চলত সৃষ্টি হোৱা কৃত্ৰিম বানৰ পিছত এতিয়া হাৰাশাস্তি খাইছে অঞ্চলবাসীয়ে৷ বিশেষকৈ গ্ৰাম্য এলেকাৰ বাট পথ মেৰামতিত চৰকাৰে অৱহেলা প্ৰদৰ্শন কৰাৰ বাবেই এজাক বৰষুণৰ পিছতে গাঁওসমূহৰ বাট পথ বোকাময় হৈ মানুহৰ চলাচলৰ অযোগ্য হৈ পৰে৷ চৰকাৰে উন্নয়নৰ ঢাক ঢোল বজাই থাকে যদিও প্ৰকৃততে গ্ৰাম্য এলেকাত কোনো ধৰণৰ উন্নয়ন সাধন চৰকাৰে কৰা নাই বুলিও অভিযোগ উত্থাপিত হৈছে৷ 

কৃত্ৰিম বানৰ ফলত নলবাৰী জিলাৰ বাঁহজানী অঞ্চলৰ বাট পথে এতিয়া ধাৰণ কৰিছে কদৰ্যময় ৰূপ৷ বাঁহজানী অঞ্চলৰ কেঁচা বাট পথবোৰ বোকাময় হৈ পৰাত অঞ্চলবাসীয়ে যাতায়তত অসুবিধাৰ সন্মুখীন হৈছে৷ ৰাইজৰ অভিযোগ অনুসৰি, বিগত পাঁচ বছৰীয়া কাৰ্যকালত বাঁহজানীৰ চাৰিখন পঞ্চায়তৰ প্ৰতিনিধিয়ে পঞ্চায়ত উন্নয়নৰ নামত আবন্টিত ধন হজম কৰাৰ ফলত এতিয়া সৰ্বসাধাৰণ লোকেও যমৰ যাতনা ভুগিব লগা হৈছে। 

বৃহত্তৰ বাঁহজানী অঞ্চলৰ বেছিভাগ পথেই এতিয়া জৰাজীৰ্ণ হৈ পৰাৰ ফলত স্কুল-কলেজৰ ছাত্র-ছাত্রীকে ধৰি যান বহন সমূহ চলাচল কৰাত অসুবিধাৰ সৃষ্টি হোৱাৰ উপৰিও কৃত্ৰিম বানৰ পৰা আজিও মুক্ত হব পৰা নাই দক্ষিণ বাঁহজানী অঞ্চল। 

বৃহত্তৰ দক্ষিণ বাঁহজানীৰ পূৱ কলাকুছিৰ অন্তৰ্গত পশ্চিম তৰি পথটোৰ প্ৰায় এশ মিটাৰ পানীয়ে বুৰাই ৰখাৰ পিছত সম্প্ৰতি উক্ত অঞ্চলৰ ছাত্র-ছাত্ৰীসকলে মৰণত শৰণ দি বিদ্যালয়লৈ অহা যোৱা কৰিব লগা হোৱাত স্থানীয় ৰাইজ তথা অভিভাৱকৰ মাজত হাহাকাৰ ময় সৃষ্টি হৈছে। 

আনহাতে, ৰাস্তা ঘাটৰ উন্নয়নৰ বাবে চৰকাৰে পঞ্চায়তৰ জৰিয়তে ক্ষমতাৰ বিকেন্দ্ৰীকৰণ কৰি গ্ৰামোন্নয়নৰ সপোন দেখিছিল যদিও বৰ্তমান সেই ছৱিখন বাঁহজানীত দেখিবলৈ পোৱা নাযায় বুলি দুখ প্ৰকাশ কৰিছে বাঁহজানীবাসী ৰাইজে।