newsnextone.com | নলবাৰীঃ চৰকাৰে উন্নয়ন কৰিছে৷ গ্ৰামাঞ্চল সমূহৰ উন্নয়নত চৰকাৰে বিশেষ ভাৱে গুৰুত্ব প্ৰদান কৰিছে৷ এই বিষয়ে সভাই-সমিতিয়ে, বাতৰিয়ে-বিজ্ঞাপনে চৰকাৰে ঢাক ঢোল বজাই অহা পৰিলক্ষিত হৈছে যদিও প্ৰকৃততে কিমান উন্নয়ন সম্ভৱ হৈছে ৰাজ্যৰ গ্ৰামাঞ্চমলসমূহত, সেয়া এক গুৰুত্বপূৰ্ণ বিষয় হৈ পৰা পৰিলক্ষিত হৈছে৷
বাৰিষাৰ নমাৰ লগে লগেই গ্ৰামাঞ্চসমূহত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়৷ নৈ পৰীয়া গাঁওবাসীয়ে আকৌ এবাৰ নৈত উটি যোৱাৰ ভয়ত চিৎকাৰ কৰি উঠে৷ তদুপৰি বাৰিষা আহিলে গ্ৰামাঞ্চলসমূহত দেখা দিয়া আন এক সমস্যা হৈছে যাতায়ত ব্যৱস্থা৷ এজাক বৰষুণতে ৰাজ্যৰ বিভিন্ন গাঁওত যাতায়ত ব্যৱস্থা বিঘ্নিত হৈ পৰে৷ বৰষুণৰ পিছতে গাঁওৰ বাট-পথে বোকাময় কদৰ্য ৰূপ ধাৰণ কৰাত সেই বাটেৰে যম দূত আহিবলৈও ভয় কৰা পৰিস্থিতিৰ সৃষ্টি হয়৷