হেমন্ত কলিতা, নলবাৰীঃ ৩০ টা বছৰে এটা চপৰা নপৰা এখন গাঁৱৰ এটা পথৰ কাহিনী! ৰাজ্যত এতিয়া গ্ৰাম্য পথৰ মৃত্যু ঘণ্টা বাজিছে, এয়াই যে চৰম সত্য। নলবাৰী জিলাৰ পুৱ নলবাৰী উন্নয়নখণ্ডৰ অন্তৰ্গত ৭ নং পূব বাহঁজানীৰ হাজো-নলবাৰী মূল পথৰপৰা বালা মুগকুছি নামঘৰ হৈ ৭ নং পূৱ বাঁহজানী গাঁও পঞ্চয়তৰ প্ৰাক্তন সভাপতিদ্বয় ভৰত বৈশ্য আৰু নলিনী কান্ত শীলৰ ঘৰৰ সন্মুখৰে কুটীৰ শিল্প গাঁও তিলানা সংযোগী পথটোৰ ভয়ংকৰ অৱস্থা দেখি মূৰে-কপালে হাত দিছে গাঁওখনৰ লগতে অঞ্চলটোৰ সচেতন ৰাইজে।
বিগত দুদিনমানৰ বৰষুণৰ বাবেই পথটোৰ ৯৯ শতাংশ পথ বোকাময় হোৱা বাবে দুচকীয়া আৰু চাৰিচকীয়া বাহনৰ চলাচল বন্ধ হৈ পৰিছে৷ বিগত সময়ত দুজনকৈ পঞ্চায়তৰ সভাপতিৰ ঘৰৰ সন্মুখৰ পথটো নিৰ্মাণ নোহোৱাত ৰাইজ খৰ্গহস্ত হোৱা দেখা হৈছে৷ পথটো নিৰ্মাণ নকৰাৰ ফলত বেমাৰ হ’লে চাইকেল নাইবা সাঙি কৰি চিকিৎসালয়লৈ নিব লাগে ৰোগীক।
পথটোৰ দুৰৱস্থাৰ বাবে পথটোৰে বিপদ সংকুলভাৱে চাইকেল আৰু বাইক চলাই যাতায়াত কৰিব লগা হৈছে পথচাৰীয়ে। স্থানীয় ৰাইজে অভিযোগ কৰা অনুসৰি বিগত ৩০ বছৰৰ অধিক সময় ধৰি নিৰ্মাণ হোৱা নাই পথচোৱা৷ তাৰ ফলস্বৰূপে সম্প্ৰতি ৰাইজ তথা ছাত্ৰ-ছাত্ৰীসকলে যমৰ যাতনা ভুগিব লগা হৈছে।
কিন্তু এই পৰ্যন্ত বিভাগীয় কৰ্তৃপক্ষই পথটো মেৰামতি কৰাৰ বাবে কোনো ব্যৱস্থা হাতত লোৱা পৰিলক্ষিত হোৱা নাই। এয়াই হৈছে চৰকাৰখনৰ উন্নয়নৰ প্ৰকৃত ছবি৷
৫৯ নং নলবাৰী বিধান সভা সমষ্টিৰ ৭ নং পূৱ বাঁহজানী গাঁও পঞ্চায়ত অধীনৰ তিলানা গাঁৱৰ এই পথৰ বাবে যমৰ যাতনা ভোগ কৰি অহা নতুন সমস্যা নহয়৷ এই পথটো মাৰামতিৰ অভাৱত এজাক বৰষুণত বোকা-পানীৰে গাড়ী মটৰ চলোৱাটো দূৰৰ কথা খোজকাঢ়িবলৈ অৱস্থা নোহোৱা হয়। প্ৰকাণ্ড পুখুৰী সদৃশ গাঁতৰ বাবে এতিয়া খোজকাঢ়িব নোৱাৰা হৈছে ৰাইজে।
এজাক বৰষুণতে পথটোৰ অৱস্থা অতি শোচনীয় হোৱাৰ ফলত বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, ৰোগীৰ লগতে স্থানীয় ব্যৱসায়ী-চাকৰিয়াল আদিয়ে হাৰাশাস্তি ভোগ কৰি আহিছে৷ শীঘ্ৰে পথটো পকীকৰণ কৰাৰ বাবে স্থানীয় ৰাইজে বিধায়কগৰাকীৰ লগতে সংশ্লিষ্ট বিভাগক অনুৰোধ জনাইছে৷