ডিজিটেল ডেক্স,নলবাৰীঃ নলবাৰী জিলাৰ আঠ গৰাকী মহান ব্যক্তিৰ স্মৃতিত দেওবাৰে নলবাৰী জিলা সাহিত্য সভাই প্ৰদান কৰে বিশেষ বঁটা। অসমৰ আঠ গৰাকী বিশিষ্ট ব্যক্তিক প্ৰদান কৰা হয় এই বিশেষ বঁটা। নলবাৰী নাট্য মন্দিৰত অনুস্থিত বঁটা প্ৰদান অনুষ্ঠানত নলবাৰীৰ মহীৰূহ মহেন্দ্ৰ নাৰায়ণ চৌধুৰীৰ স্মৃতিত “সমাজ হিতৈষী বঁটা” প্ৰদান কৰা হয় অসমীয়া প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰ জয়ন্ত বৰুৱাক। শৰৎ চন্দ্ৰ গোস্বামীৰ স্মৃতিত “সাহিত্য সাধনা বঁটা” প্ৰদান কৰা হয় বিশিষ্ট ঔপন্যাসিক ফণীন্দ্ৰ কুমাৰ দেবচৌধুৰীক। ত্ৰৈলোক্যনাথ গোস্বামীৰ স্মৃতিত বঁটা “কথা সাহিত্য বঁটা” প্ৰদান কৰা হয় বিশিষ্ট ঔপন্যাসিক গল্পকাৰ মণিকুন্তলা ভট্টাচাৰ্যক। ধীৰেশ্বৰাচাৰ্যৰ স্মৃতিত “নৱদ্বীপ বঁটা” সংস্কৃত পণ্ডিত বিদ্যাপতি দাহালক, মঞ্চসূৰ্য ধৰণী বৰ্মনৰ স্মৃতিত ” নাট্য সাহিত্য বঁটা ” প্ৰদান কৰা হয় বিশিষ্ট নাট্যকাৰ অভিজিত ভট্টাচাৰ্যক, ব্ৰজবালা-প্ৰিয়নাথ ভট্টাচাৰ্যৰ স্মৃতিত ” নবীন গল্পকাৰ বটাঁ” প্ৰদান কৰা হয় বিশিষ্ট গল্পকাৰ সঞ্জীৱ পল ডেকাক ,বিহগী কবি ৰঘুনাথ চৌধাৰীৰ স্মৃতিত বিহগী কবি বঁটা প্ৰদান কৰাৰ বাবে নিৰ্বাচিত হয় বিশিষ্ট কবি সমীৰ তাতী আৰু “কবি জমিৰুদ্দিন আহমদ স্মৃতি বঁটা” প্ৰদান কৰাৰ বাবে নিৰ্বাচিত হয় বিশিষ্ট কবি প্ৰণব কুমাৰ বৰ্মনক।
অসম সাহিত্য সভাৰ সভাপতি পৰমানন্দ ৰাজবংশী আৰু সম্পাদক পদুম ৰাজখোৱাৰ উপস্থিতিত নলবাৰী নাট্য মন্দিৰত এই বঁটা সমুহ প্ৰদান কৰা হয়। এই অনুষ্ঠানত উপস্থিত থাকি অসম সাহিত্য সভাৰ সভাপতি পৰমানন্দ ৰাজবংশীয়ে ভাষা নীতি প্ৰস্তুত কৰা সম্পৰ্কে অসম চৰকাৰে অৱহেলা কৰি থকাত আচৰ্য্য প্ৰকাশ কৰে।
অসম চৰকাৰৰ জাতি প্ৰেম তথা জাতীয় দায়বদ্ধ নাই বুলি তীব্ৰ ক্ষোভ ব্যক্ত কৰে ৰাজবংশীয়ে। সম্প্ৰতি সংকটকালীন অৱস্থাত থকা অসমীয়া ভাষাক শক্তিশালী কৰিবলৈ অসমৰ সকলো জাতি জনগোষ্ঠী আগবাঢ়ি অহাৰ পাছতো অসম চৰকাৰে অৱহেলা কৰা কাৰ্য অতি চিন্তনীয় বুলিও ব্যক্ত কৰে সাহিত্য সভাৰ সভাপতিগৰাকীয়ে।
68
previous post