নলবাৰীঃ নলবাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত বাহঁজানী মৌজাৰ তিলানা গাঁৱৰ নিবাসী তথা গাঁওখনৰ চৰকাৰী গাওঁবুঢ়া, বিশিষ্ট সমাজকৰ্মী গয়া ৰাম কলিতাৰ শনিবাৰে নিজ গৃহত পৰলোকপ্ৰাপ্তি ঘটে৷ তেওঁৰ মৃত্যৰ সময়ত বয়স আছিল ৭৭ বছৰ৷ তিলানা গাঁওৰ বিশিষ্ঠ সমাজকৰ্মী তথা গাঁওবুঢ়া কলিতাই বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত ওতঃপ্রোতঃভাৱে জড়িত আছিল৷
তেখেতৰ মৃত্যুত তিলানাৰ উপৰি অঞ্চলটোত গভীৰ শোকৰ ছাঁ পৰে। বিগত কিছুদিন ধৰি শ্বাস-প্ৰশ্বাস ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকাৰ মাজতে স্বাস্থ্যৰ অধিক অৱনতি ঘটি শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ পিচত শনিবাৰে নিশা তেখেতৰ নশ্বৰ দেহত অঞ্চলটোৰ বিভিন্ন বিশিষ্ট ব্যাক্তিৰ লগতে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান তথা দল সংগঠনে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।