হেমন্ত কলিতা, নলবাৰীঃ বিশিষ্ট সমাজকৰ্মী তথা প্ৰতিষ্ঠিত ব্যৱসায়ী অঞ্জন বৰ্মনে যোৱা ৩০ জুনত পূৱ-নলবাৰী অঞ্চলৰ ১৬০ গৰাকী শিক্ষাৰ্থীক অভিনন্দন জনায়।ঘগ্ৰাপাৰ সমীপৰ কঞাকুছি যুৱক সংঘৰ সহযোগত সংঘৰ বাকৰিত আয়োজিত অভিনন্দন অনুষ্ঠানত চলিত বছৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা পূৱ-নলবাৰী অঞ্চলৰ কটৰা, পিপলীয়া, সাহপুৰ, কঞাকুছি, মাজৰবাৰী, দলুৱা, বাঘমাৰা, আদি গাঁৱৰ ১৬০ গৰাকী শিক্ষাৰ্থীক ফুলাম গামোচা আৰু ইংৰাজী অভিধানেৰে সম্বৰ্ধনা জনায়।
এই উদ্দেশ্যই কেশৱ কলিতা সভাপতিত্বত অনুষ্ঠিত সভাখনত অঞ্চলটোৰ পাঁচ শতাধিক লোকে অংশগ্ৰহণ কৰে। সমাজকৰ্মী অঞ্জন বৰ্মণে শিক্ষাৰ্থীসকলক অভিনন্দন জ্ঞাপন কৰি ভৱিষ্যতে একোজন সুনাগৰিক হ’বলৈ আহ্বান জনায়।